Local, Vocal, Global

Dead Body Recovered In Kathiatoli : পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ

নিউজ ডেস্ক,২৬জুন : পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ । বুধবাৰে কঠীয়াতলী জুৰিৰপাৰত উদ্ধাৰ হয় মৃতদেহটো।

মঙলবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল ডিম্বেশ্বৰ হাজৰিকা নামৰ এজন লোক ।কঠীয়াতলীত বিগত প্ৰায় ১৫-২০ বছৰ ধৰি দৈনিক বজাৰত হাঁহ, কুকুৰা, ব্ৰয়লাৰ ব্যৱসায়ৰ লগত জড়িত আছিল লোকজন।

কিন্তু মঙলবাৰে হঠাতে নিৰুদ্দেশ হয় লোকজন আৰু আজি পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰে(Dead Body Recovered In Kathiatoli) ।

স্থানীয় লোকে ঘৰৰ কাষৰ জুৰিত মৃতদেহ প্ৰত্যক্ষ কৰে আৰু কঠীয়াতলী আৰক্ষীক ঘটনা সন্দৰ্ভত খবৰ দিয়ে।আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

লগতে পঢ়ক : Miscreants open fire in Bongaigaon : বঙাইগাঁৱত দুৰ্বৃত্তৰ গুলীচালনা; দুৰ্বৃত্তৰ গুলীত নিহত পঞ্চায়ত সচিব