Local, Vocal, Global

Dead Body Recovered in Kampur : পথাৰত পৰি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ

কামপুৰ, ১৯মাৰ্চ : ৰাজ্যৰ পুনৰ উদ্ধাৰ মৃতদেহ । পথাৰত পৰি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ(Dead Body Recovered in Kampur) ।

ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো মৃতদেহ উদ্ধাৰ হৈ আছে । ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা । বিগত দিনসমূহত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে(Dead Body Recovered ) ।

এইবাৰ কামপুৰত উদ্ধাৰ ৰহস্যজনক মৃতদেহ ।মঙলবাৰে পুৱা কামপুৰৰ টকলাটুপত উদ্ধাৰ হয় অচিনাক্ত মৃতদেহটো। পথাৰত পৰি থকা অৱস্থাত মৃতদেহটো স্থানীয় লোকে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।

কামপুৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

লগতে পঢ়ক : Forest Department Employee Arrested In Bongaigaon : বঙাইগাঁও জিলাৰ আই উপত্যকা বন সংমণ্ডলৰ কৰ্মচাৰীক গ্ৰেপ্তাৰ