Local, Vocal, Global

Dead body recovered : বিশ্বকৰ্মা পূজাৰ আনন্দ উল্লাসৰ মাজতে উদ্ধাৰ মৃতদেহ

নিউজ ডেস্ক, ১৯ছেপ্টেম্বৰ : সোমবাৰে ৰাজ্যজুৰি পালন কৰা হৈছে বিশ্বকৰ্মা পূজা । বিশ্বকৰ্মা পূজাৰ আনন্দ উল্লাসৰ মাজতে উদ্ধাৰ মৃতদেহ(Dead body recovered) ।

ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহৰ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা । আৰক্ষী যিমানে সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই চলাই আহিছে অপৰাধ।

ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা । বিগত দিনসমূহত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে (Dead body recovered in Kaliabor)।পুনৰ ৰাজ্যত উদ্ধাৰ মৃতদেহ ।

এইবাৰ কলিয়াবৰত উদ্ধাৰ মৃতদেহ । সোমবাৰে নিশা কলিয়াবৰৰ বামুণীত পথৰ কাষত পৰি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ । জানিব পৰা মতে, মৃতলোকজন মদন দাস আৰু ঘৰ কলিয়াবৰতে বুলি জানিব পৰা গৈছে । ইফালে মদন দাস নামৰ লোকজনৰ মূৰত আঘাতৰ চিন স্পষ্ট হৈ থকা দেখা যায় । কোনো দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে একাংশই ।

এই ঘটনাৰ পিছতে জখলাবন্ধা আৰক্ষীৰ ঘটনাস্থলীত উপস্থিত হয় আৰু লোকজনক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে । আৰক্ষীৰ তদন্তৰ অন্তত হৈ পোহৰলৈ আহিব এয়া হত্যা নে অন্য কিবা(Dead body found at kaliabor) ।

লগতে পঢ়ক :Road Accident: বিশ্বকৰ্মা পূজাৰ আনন্দ উল্লাসৰ মাজতে ভয়ংকৰ পথ দুৰ্ঘটনা