Local, Vocal, Global

Dead Body Recovered in Jorhat : অৱশেষত নিৰুদ্দিষ্ট যুৱকৰ মৃতদেহ উদ্ধাৰ পাখীমাৰি গাঁৱৰ এখন হাবিত

যোৰহাট , ১১ মাৰ্চ : অৱশেষত উদ্ধাৰ হ’ল যোৰহাটত ৰহস্যজনকভাৱে নিৰুদ্দেশ হোৱা যুৱকৰ মৃতদেহ । যোৰহাট আৰক্ষী আৰু SDRF বাহিনীৰ জোৰদাৰ অভিযানৰ অন্তত আৰক্ষীয়ে সোমবাৰে পুৱা উদ্ধাৰ কৰে মৃতদেহটো । মৃতদেহটো উদ্ধাৰ কৰে পাখীমাৰি গাঁওৰ এখন হাবিত(Dead Body Recovered in Jorhat)।

উল্লেখ্য যে,দেওবাৰে যোৰহাটত ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈছিল এজন যুৱক ৷ পুলিবৰৰ টেকেলা গাঁৱৰ পৰা সন্ধানহীন হৈছিল ভাস্কৰ বৰা নামৰ যুৱকজন ৷ নিৰ্জন ঠাইত উদ্ধাৰ হৈছিল যুৱকজনৰ চেণ্ডেল,বেল্ট ৷ কিন্তু সোমবাৰে ৰহস্যজনক ভাৱে হাবিত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ(Dead Body Recovered in Jorhat) ।

বৰ্তমান ঘটনা সন্দৰ্ভত সোধা-পোছাৰ বাবে আৰক্ষীয়ে এজন যুৱক আটক কৰিছে । ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক : Music Director Nanda Banerjee Passed Away : বিশিষ্ট সংগীত পৰিচালক নন্দ বেনাৰ্জীৰ দেহাৱসান