Dead body recovered in Jorhat : নিজ বাসগৃহতে উৱঁলি যোৱা অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ
যোৰহাট, ২অক্টোবৰ : পুনৰ ৰাজ্যত চাঞ্চল্যকৰ ঘটনা। পুনৰ ৰহস্যজনক অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ । নিজ বাসগৃহতে উৱঁলি যোৱা অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ । ঘটনাৰ স্থান যোৰহাট(Decomposed Body of 75yeasr old Woman Found in Jorhat) ।
যোৰহাটৰ বাহনাৰ ধৌৱাপুখুৰী গাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো। নিজ বাসগৃহতে উৱঁলি যোৱা অৱস্থাত উদ্ধাৰ হৈছে ৭৫ বছৰীয়া এগৰাকী মহিলাৰ মৃতদেহ। মৃত মহিলা গৰাকী অনুপমা দত্ত বুলি চিনাক্ত কৰা হৈছে(Dead body recovered in Jorhat) ।
জানিব পৰা মতে, মৃত মহিলাগৰাকী ধৌৱাপুখুৰীত নিজ কন্যাৰ লগত বাস কৰিছিল। মহিলাগৰাকীৰ কন্যা মানসিকভাৱে কিছু বিকাৰগ্ৰস্ত আছিল । কৰ্মসূত্ৰে পুত্ৰ ৰাজ্যৰ বাহিৰত থাকে । পুত্ৰই মাকক সময়মতে খাদ্য যোগান ধৰিবলৈ এখন হোটেলক দায়িত্বত দিছিল। কিন্তু কিছুদিনৰ পৰা হোটেলখনে মহিলাগৰাকীক খাদ্য যোগান ধৰাত হেমাহি কৰা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। আনহাতে মহিলাগৰাকীৰ পুত্ৰই সময়মতে হোটেলখনৰ পাবলগীয়া ধন আদায় দিয়া নাছিল যাৰ বাবে হোটেলখনে খাদ্যৰ যোগান দিয়া বন্ধ কৰি দিছিল বুলিও সন্দেহ প্ৰকাশ কৰিছে ৰাইজে(Dead body recovered)।
উল্লেখ্য যে, স্থানীয় ৰাইজে জনোৱা মতে মহিলাগৰাকী সুস্থ আছিল আৰু কোনো ধৰণৰ ৰোগত আক্ৰান্ত নাছিল। তেনেস্থলত মহিলা গৰাকীৰ নিজ বাসগৃহতে ৰহস্যজনক মৃত্যুই এতিয়াই চিন্তাত পেলাইছে একাংশক ।
আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত মৃতদেহটো প্ৰায় ১০ৰ পৰা ১৫ দিন হোৱা বুলি ধাৰণা কৰিছে আৰক্ষীয়ে।আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।
লগতে পঢ়ক : Dead body recovered : বিশ্বকৰ্মা পূজাৰ আনন্দ উল্লাসৰ মাজতে উদ্ধাৰ মৃতদেহ