Dead Body recovered in Jamugurihat : জামুগুৰিহাটত বাঁহৰ দলঙত চিপ লৈ থকা অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ
জামুগুৰিহাট,৩০এপ্ৰিল : জামুগুৰিহাটত চাঞ্চল্যকৰ ঘটনা । জামুগুৰিহাটত বাঁহৰ দলঙত চিপ লৈ থকা অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ(Dead Body recovered in Jamugurihat)।
জানিব পৰা মতে, জামুগুৰিহাটৰ নবিল গাঁৱৰ বহিমৰা নদীৰ বাঁহৰ দলঙত চিপ লৈ ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰে যুৱকজনৰ মৃতদেহ । স্থানীয় লোকে মৃতদেহ প্ৰত্যক্ষ কৰি ঘটনা সন্দৰ্ভত জামুগুৰি আৰক্ষীক অৱগত কৰে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
মৃত যুৱকজন নবিল গাঁৱৰ নিৰ্মল তিৰ্কি(৪২) বুলি চিনাক্ত কৰা হয়।