Dead Body recovered in Hailakandi : ৰেল লাইনত ৰহস্যজনক অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ
নিউজ ডেস্ক,১৬মে’ : হাইলাকান্দিত ৰেল লাইনত ৰহস্যজনক অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ । বৃহস্পতিবাৰে পুৱা বিছিংচাত ৰেল লাইনত পৰি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো।
আৰক্ষীয়ে জনোৱা মতে, মৃত যুৱকজনৰ নাম জাইদুল ইছলাম চৌধুৰী বুলি চিনাক্ত কৰা হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি জাইদুল আছিল কংগ্ৰেছ কৰ্মী(Dead Body recovered in Hailakandi) ।
জানিব পৰা মতে, হাইলাকান্দিৰ বাসিন্দা জাহিদুল ভিছিংছা ভগ্নীৰ ঘৰলৈ গৈছিল।কিন্তু তাৰ পিছতে বৃহস্পতিবাৰে পুৱা ৰেল লাইনত ৰহস্যজনক অৱস্থাত উদ্ধাৰ যুৱকজনৰ মৃতদেহ ।
এই ঘটনা সন্দৰ্ত স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াৰ লগে লগে আৰক্ষী আৰু দণ্ডাধীশে ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে এছ কে ৰয় অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
ভনীয়েকৰ ঘৰৰ পৰা জাহিদুলে ৰে’ল লাইনৰ কাষলৈ কিয় গৈছিল সেয়া বিষয়ে বৰ্তমানলৈ পোহৰলৈ অহা নাই ৷ বৰ্তমান মৃচতদেহ উদ্ধাৰৰ ঘটনাউ হাইলাকান্দিত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে।
লগতে পঢ়ক : Massive fire breaks out in Dibrugarh : বিধ্বংসী অগ্নিকাণ্ড; অগ্নিকাণ্ডত ভস্মীভূত বাসগৃহ