Local, Vocal, Global

Dead body recovered in Guwahati : শোৱা পাতিত ৰহস্যজনকভাৱে উদ্ধাৰ যুৱকৰ মৃতদেহ

নিউজ ডেস্ক,২৩জুলাই : ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা(Dead body recovered in Guwahati)।

ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । বিগত দিনসমূহত মহানগৰীৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । মহানগৰীত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে ।

যেন অপৰাধৰ ঘাটিত পৰিণত হ’বলৈ ধৰিছে মহানগৰ । মৃত্যু যেন এতিয়া সহজলভ্য হৈ পৰিছে মহানগৰীত । পুনৰ গুৱাহাটী মহানগৰীত উদ্ধাৰ ব্যক্তিৰ মৃতদেহ। মঙলবাৰে মহানগৰীৰ ৰূপনগৰৰ শংকৰদেৱ পথৰ এটা বাসগৃহত উদ্ধাৰ হৈছে মৃতদেহটো ।জানিব পৰা মতে, উদ্ধাৰ হোৱা মৃতদেহটো পংকজ বৈশ্য নামৰ এজন ব্যক্তিৰ বুলি চিনাক্ত কৰা হৈছে।

উল্লেখ্য যে, পংকজ বৈশ্য নামৰ এই ব্যক্তিজনৰ প্ৰকৃত ঘৰ নলবাৰীৰ জাগাৰাত। তেওঁ শংকৰদেৱ পথৰ বকুল দৈমাৰী নামৰ এজন লোকৰ ঘৰত যোৱা ৪ বছৰ ধৰি ভাড়াতীয়া হিচাপে আছিল।

ইফালে পংকজ বৈশ্যৰ পৰিয়ালৰ অভিযোগ অনুসৰি মৃত পংকজৰ পৰা ঘৰৰ মালিক বকুল দৈমাৰীয়ে ৪০ হাজাৰ টকা ধাৰালৈ লৈছিল। এই ধনক লৈয়ো পৰৱৰ্তী সময়ত দুয়োৰে মাজত সংঘাতৰ সৃষ্টি হৈছিল।

এনে পৰিস্থিতি ৰহস্যজনকভাৱে শোৱা পাতিত আজি পংকজ বৈশ্যৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰাৰ সমান্তৰালকৈ ৰহস্যৰো সৃষ্টি কৰিছে।

লগতে পঢ়ক : Youth killed in Pasighat rehab centre : নিচামুক্তি কেন্দ্ৰত যুৱকক নিৰ্মমভাৱে মাৰপিট কৰি হত্যা !