Local, Vocal, Global

Dead body recovered in Golaghat : গোলাঘাটৰ শাক-পাচলি বজাৰত উদ্ধাৰ ৰংমিস্ত্ৰী মৃতদেহ

নিউজ ডেস্ক,২৩মে’ : ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা । আৰক্ষী যিমানে সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই চলাই আহিছে অপৰাধ।ৰাজ্যত চোৰ ,ডকাইটি , হত্যা ,অপহৰণ , ড্ৰাগছ সৰবৰাহ ,বহিৰাজ্য লৈ গৰু সৰবৰাহকাৰী লগতে একাংশই নকল সোণৰ ৰমৰমীয়া ব্য়ৱসায় চলাই আহিছে(Dead body recovered in Golaghat)।

ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা । বিগত দিনসমূহত মহানগৰীৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ।

এইবাৰ গোলাঘাটত উদ্ধাৰ মৃতদেহ। গোলাঘাট নগৰৰ মাজমজিয়াত থকা পাচলি বজাৰত বৃহস্পতিবাৰে পুৱাই উদ্ধাৰ হয় মৃতদেহটো । পাচলি বজাৰৰ চিৰিত পৰি আছিল মৃতদেহটো । মৃত লোকজন গোলাঘাট মিচন কম্পাউণ্ডৰ গোপাল চেত্ৰী বুলি জানিব পৰা গৈছে ।

জানিব পৰা মতে, পেচাত ৰং মিস্ত্ৰী গোপাল চেত্ৰী বুধবাৰে দিনৰ ১১ বজাতে ঘৰৰ পৰা কামলৈ বুলি ওলাই গৈছিল । নিশা ঘৰলৈও যোৱা নাছিল গোপাল চেত্ৰী । পৰিয়ালৰ লোকে বহুবাৰ ফোন কৰিছিল যদিও তেওঁ উত্তৰ দিয়া নাছিল । অৱশেষ পুৱা স্থানীয় লোকে গোপালৰ মৃতদেহ প্ৰত্যক্ষ কৰি পৰিয়ালৰ লোকক খবৰ দিয়ে । লগে লগে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়া হয় । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

ইফলে এই ঘটনাক লৈ গোলাঘাট বজাৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । কি কাৰণত গোপালৰ মৃত্যু হ’ল সেয়া ৰহস্যৰ আৱৰ্তত আছে । আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্তও অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : Birth anniversary of Lord Gautam Buddha : আজি পবিত্ৰ বৌদ্ধ পূৰ্ণিমা