Local, Vocal, Global

Dead Body Recovered in Dhubri : পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ

ধুবুৰী,২ মাৰ্চ : ৰাজ্যৰ পুনৰ উদ্ধাৰ মৃতদেহ । পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ ।

ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো মৃতদেহ উদ্ধাৰ হৈ আছে । ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা । বিগত দিনসমূহত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে(Dead Body Recovered ) ।

এইবাৰ ধুবুৰীৰত উদ্ধাৰ ৰহস্যজনক মৃতদেহ । ধুবুৰীৰ নিউ পানবাৰীত পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ(Dead Body Recovered in Dhubri) ।

জানিব পৰা মতে, ধুবুৰী জিলাৰ বিলাসী পাৰা মহকুমাৰ আটানী আৰক্ষী চকীৰ অন্তৰ্গত নিউ পানবাৰীত এজন বৃদ্ধ লোকৰ মৃতদেহ পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হয়।

উল্লেখ্য যে, নিউ পানবাৰী চুইজ গেট সংৰক্ষিত পানীত গা ধুবলৈ গৈ লোকজনৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। মৃত ব্যক্তি গৰাকীৰ এযোৰ ছেণ্ডেলৰ লগতে কাপোৰ কানি চুইজ গেটৰ পাৰত পৰি থকা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে।

মৃত বৃদ্ধ গৰাকীৰ ঘৰ পানবাৰী ৰঙামাটি দ্বিতীয় খণ্ড গাঁওৰ মফিজ উদ্দিন সেখ বুলি চিনাক্ত কৰা হৈছে।

লগতে পঢ়ক : Massive Fire Breaks Out at Nagaon : বিধ্বংসী অগ্নিকাণ্ড; ভস্মিভূত বাসগৃহৰ লগতে বহু সা-সামগ্ৰী