Local, Vocal, Global

Dead body recovered : বঙাইগাঁৱত চাঞ্চল্যকৰ ঘটনা

নিউজ ডেস্ক, ১২ ছেপ্টেম্বৰ : বঙাইগাঁৱত চাঞ্চল্যকৰ ঘটনা ।বঙাইগাঁৱত ৰহস্যজনকভাৱে উদ্ধাৰ মহিলাৰ মৃতদেহ(Dead body recovered)।

ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা । আৰক্ষী যিমানে সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই চলাই আহিছে অপৰাধ।

ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা । বিগত দিনসমূহত মহানগৰীৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে (Dead body recovered in Bongaigaon)

এইবাৰ বঙাইগাঁৱত উদ্ধাৰ মহিলাৰ মৃতদেহ । বঙাইগাঁৱৰ চক্ৰৰচিলাৰ এটা পুখুৰীত উদ্ধাৰ মহিলাৰ মৃতদেহ । মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে জনতাৰ মাজত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ ।

মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, মৃত মহিলা গৰাকী ৰঞ্জনা আৰ্য্য(৪৫) বুলি চিনাক্ত কৰা হৈছে।

স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি , মৃত মহিলা গৰাকী দীৰ্ঘদিন ধৰি মানসিক ভাৱে অসুস্থ হৈ আছিল।

উল্লেখ্য যে, স্থানীয় লোকে পুখৰীত উপঙি থকা অৱস্থাত মহিলা গৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।আৰক্ষীয়ে ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনা স্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ বাবে বঙাইগাঁৱলৈ প্রেৰণ কৰে । আৰক্ষীয়ে বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে । বৰ্তমানলৈ পোহৰলৈ অহা নাই কোনো তথ্য । ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্তৰ অন্তত হে পোহৰলৈ আহিব আচলতে এয়া হত্য়া নে আত্মহত্যা ।

লগতে পঢ়ক :landslide in Jammu Srinagar : জম্মু-কাশ্মীৰত ভয়ংকৰ ভূমিস্খলন