Dead Body recovered in Boko : অৱশেষত তিনিদিনৰ পাছত উদ্ধাৰ হ’ল ৭ মহীয়া গৰ্ভৱতী মহিলাৰ মৃতদেহ
বকো,২২আগষ্ট,২২আগষ্ট : অৱশেষত তিনিদিনৰ পাছত উদ্ধাৰ হ’ল ৭ মহীয়া গৰ্ভৱতী মহিলাৰ মৃতদেহ।
যোৱা মঙলবাৰে সন্ধিয়া সন্ধানহীন হৈছিল বকোৰ ছমৰীয়া নেউলডোৱা গাঁৱৰ ৰাশিদা খাতুন নামৰ মহিলাগৰাকী । ৩দিনে পৰিয়ালৰ লোকে অনুসন্ধন কৰি আছিলে যদিও কোনো সন্ধান পোৱা নাছিলে ।
ইফালে বুধবাৰে পুৱাৰ পৰা এছ ডি আৰ এফ বাহিনীয়ে কলহী নৈত উদ্ধাৰ অভিযান চলাই যদিও মহিলা গৰাকীৰ কোনো শূংসুত্ৰ পোৱা নাছিল ৷ আজি পুনৰ এছ ডি আৰ এফ বাহিনীয়ে কলহী নৈত অভিযান চলাই উদ্ধাৰ কৰে মহিলা গৰাকীৰ মৃতদেহ(Dead Body recovered in Boko) ৷
জানিব পৰা মতে মঙগলবাৰে সন্ধিয়া কলহী নদীৰ সূঁতি পাৰ হবলৈ লওতে পানী পৰি সন্ধানহীন হৈছিল গৰ্ভৱতী মহিলা গৰাকী ৷পথাৰত কঠীয়া ৰুই ঘৰলৈ ওভতাৰ পথত সংঘটিত হৈছিল এই শোকাৱহ ঘটনটো ৷ মৃত মহিলা গৰাকী নেউলডোৱা গাঁৱৰ নুৰুল ইচলামৰ পত্নী ৰাশ্বিদা বেগম ।
লগতে পঢ়ক : Unidentified Body Found in Jorhat : উৱলি যোৱা অৱস্থাত গটঙা চাহ বাগিছাত উদ্ধাৰ অচিনাক্ত মৃতদেহ