Dead body recovered : অৱশেষত উদ্ধাৰ হ’ল সন্ধানহীন অজয় কুমাৰৰ মৃতদেহ

নিউজ ডেস্ক,২৪জুলাই : ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা । আৰক্ষী যিমানে সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই চলাই আহিছে অপৰাধ।
ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা । বিগত দিনসমূহত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে (Dead body recovered)।
এইবাৰ ৰহাত উদ্ধাৰ মৃতদেহ । বুধবাৰে ৰহাৰ চাপৰমুখত তিতাইমাৰী নদীত উদ্ধাৰ হয় মৃতদেহটো । উদ্ধাৰ হোৱা মৃতদেহটো বিহাৰৰ অজয় কুমাৰৰ বুলি চিনাক্ত কৰা হৈছে ।
জানিব পৰা মতে, মঙলবাৰে তিতাইমাৰী নৈত গা ধুবলৈ গৈছিল অজয়। তাৰ পিছতে সন্ধানহীন হৈছিল যুৱকজন । এই ঘটনা পোহৰলৈ অহাৰ পিছতে আৰক্ষীক ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ।
SDRFৰ বাহিনীৰ অভিযানত অৱশেষত আজি উদ্ধাৰ অজয় কুমাৰৰ মৃতদেহটো।
লগতে পঢ়ক : Nepal plane crash : ভয়ংকৰ বিমান দুৰ্ঘটনা;মুহূৰ্ততে ক’লা ধোঁৱাই ছানি ধৰে বিমান,নিহত ১৯জন