Dead body recovered : গোসাঁইগাঁৱত পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ
গোসাঁইগাঁৱ, ২৯অক্টোবৰ : পুনৰ ৰাজ্যত মৃতদেহ উদ্ধাৰ । ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা । আৰক্ষী যিমানে সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই চলাই আহিছে অপৰাধ।
ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা । বিগত দিনসমূহত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে (Dead body recovered)।
ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ এই গোসাঁইগাঁৱৰ উদাংপাৰা গাঁৱৰ ৰামদেও নদীত উদ্ধাৰ মৃতদেহ
পানিত উপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ।উদ্ধাৰ হোৱা মৃতদেহটো গাঁওখনৰ ছোম মুৰ্মু (৬৫) নামৰ লোকজনৰ বুলি চিনাক্ত৷
জানিব পৰা মতে সোমবাৰে আবেলি বজাৰত গৈ ঘৰলৈ উভতি অহা নাছিল ছোম মুৰ্মু৷ পৰিয়ালৰৰ লোকক বিচাৰ খোচৰ কৰে যদিও কোনো সুং সুত্ৰ নাপাই লোকজনৰ।
কিন্তু আজি পুৱা ৰামদেও নদীত উপঙি থকা অৱস্থা প্ৰত্যক্ষ কৰে ৰাইজে । লগে লগে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়া হয়।আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱা লগে লগে ঘটনাস্থলীত উপস্থিত হয় মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰে।
বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষী প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে ৷
লগতে পঢ়ক :Tragic Road accident: অচিনাক্ত তীব্ৰবেগী বাহনৰ খুন্দাত নিহত শিক্ষক