Local, Vocal, Global

Dead body recovered : দুৰ্গাপূজাৰ আনন্দ-উল্লাসৰ মাজতে বটদ্ৰৱাত উদ্ধাৰ মৃতদেহ

নিউজ ডেস্ক,১২অক্টোবৰ : ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা । আৰক্ষী যিমানে সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই চলাই আহিছে অপৰাধ।

ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা । বিগত দিনসমূহত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে (Dead body recovered)।

ৰাজ্যত দুৰ্গাপূজাৰ আনন্দ-উল্লাসৰ মাজতে উদ্ধাৰ মৃতদেহ । বটদ্ৰৱাৰ ভোমোৰাগুৰি পথাৰত উদ্ধাৰ হয় মৃতদেহটো।উদ্ধাৰ হোৱা মৃতদেহটো ভোমোৰাগুৰিৰ সমীপৱৰ্তী গেন্দুৱা পথাৰৰ কিতাব আলী নামৰ এজন কৃষকৰ।

বৃহস্পতিবাৰ পৰা সন্ধানহীন হৈ আছিল কিতাব আলী নামৰ কৃষকজন। জানিব পৰা মতে, পথাৰৰ পৰা ঘাঁহ কাটিবলৈ বুলি ওলাই আহিছিল কিতাব আলী।

শনিবাৰে পুৱা স্থানীয় ৰাইজে পথাৰত মৃতদেহটো প্ৰত্যক্ষ কৰি ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰে।

লগতে পঢ়ক :Supected Murder in Nagaon: নগাঁৱত বোৱাৰীৰ ৰহস্যজনক মৃত্যু