Local, Vocal, Global

Dead body recovered : পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ

মঙলদৈ,২৮ছেপ্তেম্বৰ : ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা । আৰক্ষী যিমানে সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই চলাই আহিছে অপৰাধ।

ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা । বিগত দিনসমূহত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে (Dead body recovered)।

পুনৰ ৰাজ্যত উদ্ধাৰ মৃতদেহ । পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ।

মঙলদৈ নিকতৱৰ্তী চেঙেলীয়াপাৰাৰ বগা পুখুৰীত উদ্ধাৰ যুৱক মৃতদেহ । উদ্ধাৰ হোৱা মৃতদেহটো লোকনাথ ডেকাৰ (৪০ বছৰ)বুলি চিনাক্ত কৰা হৈছে ।

যুৱকজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লদ লগে ঘটনা সন্দৰ্ভত আকক্ষীক খবৰ দিয়া হয় । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙ্গলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

বৰ্তমানলৈ জানিব পৰা হোৱা নাই মৃত্যুৰ কাৰণ । আৰক্ষীৰ তদন্তৰ অন্তত হে পোহৰলৈ আহিব প্ৰকৃত ঘটনা।

লগতে পঢ়ক :Thief terror in Jamugurihat :১২ বছৰীয়া শিশুক বান্ধি লুটপাতৰ চেষ্টা দুৰ্বৃত্তৰ দলৰ