Dead body recovered : অসম-মেঘালয় সীমান্তৰ উমচিয়াং নৈত উদ্ধাৰ মৃতদেহ

জাগীৰোড,৩০জুন : পুনৰ ৰাজ্যত মৃতদেহ উদ্ধাৰ । ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা । আৰক্ষী যিমানে সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই চলাই আহিছে অপৰাধ।
ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা । বিগত দিনসমূহত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে (Dead body recovered)।
এইবাৰ জাগীৰোডৰ নিকটৱৰ্তী অসম-মেঘালয় সীমান্তৰ উমচিয়াং নৈত উদ্ধাৰ মৃতদেহ ।
উদ্ধাৰ হোৱা মৃতদেহটো জাগীৰোডৰ কাঁহিকুছি গাঁৱৰ ছফিকুল আলি (৩৩)ৰ বুলি চিনাক্ত কৰা হৈছে ।
জানিব পৰা মতে, ২৫জুন কাঁহিকুছি গাঁৱৰ ছফিকুল আলিয়ে উমচিয়াং নদীৰে মেঘালয়লৈ চোৰাং গৰু পাৰ কৰোতে উটুৱাই লৈ গৈছিল আৰু তেতিয়াৰে পৰা সন্ধানহীন হৈ আছিল লোকজন । SDRF বাহিনীয়ে চলাই আছিল উদ্ধাৰ অভিযান । আজি হঠাতে অসম-মেঘালয় সীমান্তৰ উমচিয়াং নৈত উদ্ধাৰ মৃতদেহটো ।
লগতে পঢ়ক : Major accident on Mumbai-Nagpur Expressway after two cars collide : দুখন বাহনৰ মাজত মুখামুখি সংঘৰ্ষ;নিহত ৭জন