Dead Body Recovered : পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ মৃতেদহ

নিউজ ডেস্ক,২২জুন : ৰাজ্যৰ পুনৰ উদ্ধাৰৰ অচিনাক্ত মৃতদেহ । ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো মৃতদেহ উদ্ধাৰ হৈ আছে । ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা । বিগত দিনসমূহত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে(Dead Body Recovered)।
এইবাৰ যোৰহাটত উদ্ধাৰ অচিনাক্ত মৃতদেহ । যোৰহাট নগৰৰ এইছ আৰ এইছ দা প্ৰিন্স অব ৱেলছ ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি প্ৰতিষ্ঠানৰ চৌহদৰ পুখুৰীত উদ্ধাৰ হৈছে মৃতদেহটো।
জানিব পৰা মতে, এটা পুখুৰীটোত ওপঙি থকা অৱস্থাত মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় লোকে। লগে লগে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে ,আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহ উদ্ধাৰ কৰে । আৰক্ষীয়ে উদ্ধাৰ কৰা মৃতদেহটো যোৰহাট নগৰৰ জেপিআৰৰ কপিল বৰুৱাৰ বুলি চিনাক্ত কৰিছে। শুকুৰবাৰে সন্ধিয়াৰ পৰা সন্ধানহীন হৈ আছিল কপিল বৰুৱা।
লগতে পঢ়ক : Ambubachi Mela Begins Today at Kamakhya Temple : আজিৰে পৰা আৰম্ভ হ’ল মহা অম্বুবাচী মেলা