Local, Vocal, Global

WATCH | Dead body of missing boy found in Biswanath : বিশ্বনাথৰ ফটিকাবস্তিৰ শ্লুইচ গেটত ছাত্ৰৰ সলিল সমাধি

বিশ্বনাথ,১৪জুন : বিশ্বনাথৰ ফটিকাবস্তীৰ শ্লুইচ গেটত ছাত্ৰৰ সলিল সমাধি ৷ নদীত গা ধুবলৈ গৈ সলিল সমাধি অনুৰাগ চেত্ৰী নামৰ ছাত্ৰজনৰ।

জানিব পৰা মতে, “ডেফনি চিনিয়ৰ চেকেণ্ডেৰী” স্কুলৰ ছাত্ৰ অনুৰাগ চেত্ৰী সন্ধানহীন হৈছিল বুঢ়িগাং নদীত ৷ কলেজৰ বন্ধুৰ সৈতে নদীত গা ধুবলৈ গৈ সন্ধানহীন হৈছিল অনুৰাগ চেত্ৰী ৷ নিখোজ অনুৰাগ চেত্ৰীৰ ঘৰ পেটুলিবাৰীত ৷ চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ ইউনিফৰ্মতে আছিল ছাত্ৰ কেইজন(Dead body of missing boy found in Biswanath) ৷

ঘৰৰ পৰা স্কুললৈ বুলি আহি নদীত সাতুৰিবলৈ আহিছিল ছাত্ৰ কেইজন ৷ ৫জনীয়া বন্ধুৰ দলটো আহিছিল সাঁতুৰিবলৈ। উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ তেওঁলোক। অনুৰাগৰ লগত আছিল বিশাল পাল,অংকিত,নাচিফ কুৰেশ্বৰী আৰু হেমন্ত পোখৰেল ৷ অৱশেষত SDRF ৰ দলে অভিযান চলাই উদ্ধাৰ কৰে ডেফনি চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ অনুৰাগ ছেত্ৰীৰ মৃতদেহ ৷

লগতে পঢ়ক : WATCH | Sensational incident : কিয় হত্যা কৰা হ’ল হাবিলদাৰ ৰবিৰুল হুছেইনক