Local, Vocal, Global

Dead body of missing 12-year-old boy found in Sadiya : শদিয়াত উদ্ধাৰ ১২ বছৰীয়া অপহৃত ছাত্ৰৰ মৃতদেহ

নিউজ ডেস্ক,৩১জুলাই : শদিয়াত উদ্ধাৰ ১২ বছৰীয়া অপহৃত ছাত্ৰৰ মৃতদেহ । অপহৰণ কৰা স্থানৰ পৰা কিছু নিলগত উদ্ধাৰ মৃতদেহটো। অপহৰণকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহ।

অৰুণাচলৰ কালিখোলাত উদ্ধাৰ অপহৃত ছাত্ৰ ৰোহিত বাহাদুৰ চেত্ৰীৰ মৃতদেহ । ৰোহিতক হত্যা কৰি গাঁতত পুতি থৈছিল অপহৰণকাৰীয়ে । পুৱতি নিশা ৪বজাত অৰুণাচল আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো ।

উল্লেখ্য যে, সোমবাৰে শদিয়াৰ চূণপোৰাৰ উদয়পুৰ গাঁৱৰ নৰ বাহাদুৰ চেত্ৰীৰ পুত্ৰ ৰোহিত অপহৰণ কৰে ৷ বিদ্যালয়ৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাতে ছাত্ৰগৰাকীক অপহৰণ কৰে দুৰ্বৃত্তই (Dead body of missing 12-year-old boy found in Sadiya )৷

লগতে পঢ়ক :One Missing After Boat Accident in Majuli : উজনি মাজুলীৰ ব্ৰহ্মপুত্ৰৰ সুঁতিত মাছ মাৰিবলৈ গৈ সন্ধানহীন মহিলা