Local, Vocal, Global

Dead body found in Sonari : ঘৰৰ সমীপৰ বৰফ ফেক্টৰীৰ পাছফালে উদ্ধাৰ যুৱকৰ মৃতদেহ

নিউজ ডেস্ক,১৪অক্টোবৰ : ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা । আৰক্ষী যিমানে সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই চলাই আহিছে অপৰাধ।

ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা । বিগত দিনসমূহত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে (Dead body found in Sonari)।

দুৰ্গাপূজাৰ আনন্দ-উল্লাসৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদ্ধাৰ মৃতদেহ।

সোণাৰিত উদ্ধাৰ যুৱকৰ মৃতদেহ। মৃত যুৱকজন ৫নং ৱাৰ্ডৰ পুলক ৰঞ্জন দে’ বুলি জানিব পৰা গৈছে । ঘৰৰ সমীপৰ বৰফ ফেক্টৰীৰ পাছফালে উদ্ধাৰ হয় মৃতদেহটো।এই ঘটনা পোহৰলৈ অহাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতেদহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ।

যুৱকজনৰ মৃতদেহ উদ্ধাৰৰ পিছতে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে।

লগতে পঢ়ক :Dibrugarh News : অসমতে অসমীয়া ভাষাত গীত গোৱাত বাধা প্ৰদান শিল্পীক