WATCH | Dead Body found in Rangia: ৰঙিয়া তিনিআলিত ৰহস্য জনক অৱস্থাত উদ্ধাৰ মৃতদেহ
ৰঙিয়া,১৯ফেব্ৰুৱাৰী : পুনৰ ৰাজ্যত উদ্ধাৰ মৃতদেহ । ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা(Body found in Rangia)।
ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে ।
এইবাৰ ৰঙিয়াত উদ্ধাৰ মৃতদেহ । ৰঙিয়া তিনিআলিত ৰহস্য জনক অৱস্থাত উদ্ধাৰ এজন লোকৰ মৃতদেহ।
জানিব পৰা মতে,ৰঙিয়া তিনিআলি ৰেল গেটৰ কাষৰ এটি ৰেলৱে আৱাসগৃহত ডিঙিত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটি।
এই ঘটনা পোহৰলৈ অহাৰ পিছতে ঘটনাস্থলীত হয় ৰঙিয়া ৰেল আৰক্ষী। বৰ্তমানলৈ পৰিচয় উদ্ধাৰ হোৱা নাই মৃত লোকজনৰ।
লগতে পঢ়ক:WATCH | Mushalpur News: দ্বিতীয় বৈকুণ্ঠপূৰিত পৰিণত বাক্সাৰ জলাগাঁও