Local, Vocal, Global

Dead Body Found in Moran: পুখুৰীত উৱলি যোৱা অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ

মৰাণ,২৪ডিচেম্বৰ : মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত মাউত গাঁৱত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ ৷ মাউত গাঁৱৰ ৫ নং খাদৰ সমীপৰ এটা পুখুৰীত আজি উৱঁলি যোৱা অৱস্থাত উদ্ধাৰ মৃতদেহটো।স্থানীয় লোকে মৃতদেহ পুখৰীত প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰে ।পুখুৰীটোৰ নাতিদূৰতে পথৰ কাষত পৰি আছিল কাপোৰ(Dead Body Found in Moran)।

জানিব পাৰ মতে, উদ্ধাৰ হোৱা মৃতদেহটো হজোৱা চাহ-বাগিছাৰ সুৰজ ধুবীৰ পুত্ৰ দিলীপ ধুবী (২৪) বুলি চিনাক্ত ৷ বিগত কেইবাদিনো ধৰি সন্ধানহীন হৈ আছিল দিলীপ ধুবী ৷ কাপোৰৰ লগতে নিচাযুক্ত সামগ্ৰীও উদ্ধাৰ হোৱালৈ চাই যুৱকজন নিচাসক্ত আছিল বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক:Sensational Incident : বটদ্ৰৱাৰ দলঙঘাটত মাৰপিটৰ ঘটনা