Local, Vocal, Global

Dead Body found in Mangaldoi : বছৰৰ প্ৰথম দিনটোত মঙলদৈত উদ্ধাৰ মৃতদেহ

মঙলদৈ,১জানুৱাৰী : বছৰৰ প্ৰথম দিনটোতেই মঙলদৈত উদ্ধাৰ মৃতদেহ ।মঙলদৈ নিকতৱৰ্তী গেৰিমাৰী কৃষ্ণ নগৰত উদ্ধাৰ কিশোৰৰ মৃতদেহ।

স্থানীয় মহিলাই খৰি বিচাৰিব যাওঁতে প্ৰত্যক্ষ কৰে মৃতদেহটো।উদ্ধাৰ হোৱা মৃতদেহটো ৰাহুল চাহ নামৰ ১৯ বছৰীয়া কিশোৰৰ ।

এডাল গছত চিপ লৈ ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰে মৃতদেহটো।লগে লগে স্থানীয় ৰাইজে মঙলদৈ আৰক্ষীক ঘটনা সন্দৰ্ভত খবৰ দিয়ে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয়(Dead Body found in Mangaldoi)।

ইফালে ৰাহুলৰ পিতৃৰ অভিযোগ অনুসৰি এয়া হত্যাকাণ্ড। কোনো দুৰ্বৃত্তই হত্যা কৰি গঠত ওলোমাই থোৱা বুলি মন্তব্য কৰে পৰিয়ালৰ লোকে।

উল্লেখযোগ্য যে প্ৰেমজনিত কাৰণ হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ।

লগতে পঢ়ক :Dergaon News: দেৰগাঁৱৰ এগৰাকী শিল্পী হাতত প্ৰাণ পাইছিল আইমনি ,মইনাজান