Local, Vocal, Global

Dead body found in Kampur : কামপুৰৰ ৰে’লৱে কলনিত উদ্ধাৰ যুৱকৰ মৃতদেহ

নিউজ ডেস্ক,১৬জুলাই : ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা । আৰক্ষী যিমানে সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই চলাই আহিছে অপৰাধ। ৰাজ্যত চোৰ ,ডকাইটি , হত্যা ,অপহৰণ , ড্ৰাগছ সৰবৰাহ ,বহিৰাজ্য লৈ গৰু সৰবৰাহকাৰী লগতে একাংশই নকল সোণৰ ৰমৰমীয়া ব্য়ৱসায় চলাই আহিছে।

ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা । বিগত দিনসমূহত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে(Dead body found in Kampur)।

এইবাৰ কামপুৰত উদ্ধাৰ মৃতদেহ । মঙলবাৰে কামপুৰৰ ৰে’লৱে কলনিত উদ্ধাৰ মৃতদেহ। বাছ আস্থানৰ সমীপৰ এটা পৰিত্যক্ত ঘৰত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ।উদ্ধাৰ হোৱা মৃতটো কামপুৰৰ পাছনিজাৰৰ জুমন ডেকা বুলি চিনাক্ত কৰা হৈছে ।

লগতে পঢ়ক : 4 Bangladeshi Nationals Detained in Guwahati : পল্টন বজাৰ ৰে’লৱে ষ্টেচনৰ পৰা আটক ৪ বাংলাদেশীক