Local, Vocal, Global

Dead Body Found in Jamugurihat: শোৱাপাটীত উদ্ধাৰ মহিলা কেয়াৰ টেকাৰৰ মৃতদেহ

জামুগুৰিহাট,৩০ডিচেম্বৰ : শোৱাপাটীত উদ্ধাৰ মহিলাৰ মৃতদেহ ।চতিয়াৰ বালিজুৰিত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা ।

জানিব পৰা মতে,বালিজুৰিৰ ৰাজীৱ চুনাৰৰ বাসগৃহত ৰাজীৱৰ পিতৃ বলবাহাদুৰ চুনাৰৰ কেয়াৰ টেকাৰ ৰূপে আছিল পতি-পত্নী অনামিকা দাস আৰু মিথুন বৌৰী৷
ৰাতিপুৱাই বলবাহাদুৰ চুনাৰে শোৱাপাটীত অনামিকাক মৃত অৱস্থাত প্ৰত্যক্ষ কৰে৷ লগে লগে বলবাহাদুৰে ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজক অৱগত কৰে৷তাৰ পিছতে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়া হয় ।আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ইটাখোলা আৰক্ষীৰ দল উপস্থিত আৰু ঘটনাসন্দৰ্ভত তদন্ত আৰম্ভ কৰে(Dead Body Found in Jamugurihat)।

ইফালে অনামিকাৰ স্বামী মিথুন বাউৰিৰ পলায়ন ৷

কেয়াৰটেকাৰ ৰূপে থকা পতি-পত্নীৰ ঘৰ তেজপুৰত বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক :Bilasipara News: বিলাসীপাৰাত অমৃত সৰোবৰ আঁচনিৰ ৰূপানত ব্যাপক অনিয়মৰ অভিযোগ