Local, Vocal, Global

Dead Body Found in Jagiroad:অৱশেষ উদ্ধাৰ হ’ল ৭ দিনে নিৰুদ্দেশ হৈ থকা দীনেশ অধিকাৰীৰ মৃতদেহ

জাগীৰোড,১৫ডিচেম্বৰ : জাগীৰোডৰ সোণাইকুছি পাহাৰত মৃতদেহ উদ্ধাৰ।

সোণাইকুছি পাহাৰত চীপ লোৱা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো।

খৰি কাটিবলৈ যোৱা স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো।

উদ্ধাৰ হোৱা মৃতদেহটো ৭ দিনে নিৰুদ্দেশ হৈ থকা জাগীৰোডৰ দীনেশ অধিকাৰীৰ বুলি চিনাক্ত(Dead Body Found in Jagiroad)।

এই ঘটনা পোহৰলৈ অহাৰ লগে লগে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়া হয়।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে দণ্ডাধীশৰ উপস্থিতি হয় আৰু উদ্ধাৰ কৰে উৱলি যোৱা মৃতদেহটো।

উল্লেখ্য যে, ৯ ডিচেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছিল আমলিঘাটৰ ৫৪ বছৰীয়া দীনেশ অধিকাৰী।ভাই ভাই দুগ্ধ উৎপাদক সমবায় সমিতিৰ সম্পাদক আছিল দীনেশ অধিকাৰী।

জানিব পৰা মতে, কিছুদিন ধৰি মানসিকভাৱে ভাঙি পৰিছিল লোকজন।

লগতে পঢ়ক :Dr. Himanta Biswa Sarma :বোকাখাতত পুৰী-ভাজি আৰু পেৰাৰ সোৱাদ ল’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই