Local, Vocal, Global

Dead body found in Hatigaon : মহানগৰীৰ হাতীগাঁৱৰ শংকৰ পথত উদ্ধাৰ যুৱকৰ মৃতদেহ

নিউজ ডেস্ক,২৩মাৰ্চ : পুনৰ মহানগৰীত উদ্ধাৰ মৃতদেহ । মহানগৰীৰ হাতীগাঁৱৰ শংকৰ পথত উদ্ধাৰ মৃতদেহ(Dead body found in Hatigaon)

ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা(Deadbody recovered in Guwahati)।

ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । বিগত দিনসমূহত মহানগৰীৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । মহানগৰীত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে ।

যেন অপৰাধৰ ঘাটিত পৰিণত হ’বলৈ ধৰিছে মহানগৰ । মৃত্যু যেন এতিয়া সহজলভ্য হৈ পৰিছে মহানগৰীত ।

পুনৰ গুৱাহাটী মহানগৰীত উদ্ধাৰ যুৱকৰ মৃতদেহ। এইবাৰ গুৱাহাটীৰ হাতীগাঁৱৰ শংকৰ পথত উদ্ধাৰ যুৱকৰ মৃতদেহ। শংকৰ পথৰ এটা বাসগৃহত উদ্ধাৰ হৈছে মৃতদেহটো ।

জানিব পৰা মতে, বন্ধুৰ সৈতে ভাড়াঘৰত আছিল মৃত যুৱকজন। মৃত যুৱকজনক লখিমপুৰৰ ঘিলামৰাৰ প্ৰদীপ দাস বুলি চিনাক্ত কৰা হৈছে।তেওঁ এখন ৰেষ্টুৰেণ্টাত কাম কৰিছিল । মৃত প্ৰদীপ দাস শংকৰ পথৰ হাউচ নং ৪০ ত ভাড়াতীয়া হিচাপে আছিল (Dead body found in Hatigaon)।

ইতিমধ্যে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয় হাতীগাওঁ আৰক্ষী। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি ঘটনাসন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক : Tragic Road Accident in Nalbari : যাত্ৰীবাহী টেম্পো আৰু সামগ্ৰী কঢ়িওৱা বাহন মাজত মুখামুখী সংঘৰ্ষ,আহত ৫জন