Dead body found in Guwahati :পুনৰ গুৱাহাটী মহানগৰীত উদ্ধাৰ দুটা মৃতদেহ

নিউজ ডেস্ক,২৭ডিচেম্বৰ : পুনৰ গুৱাহাটী মহানগৰীত উদ্ধাৰ দুটা মৃতদেহ। ব্ৰহ্মপুত্ৰৰ গাওঁবুঢ়া পাৰা ঘাটত উদ্ধাৰ হৈছে মৃতদেহ দুটা । উদ্ধাৰ হোৱা মৃতদেহ দুটা চিনাক্ত কৰা হৈছে।
জানিব পৰা মতে, উদ্ধাৰ হোৱা মৃতদেহ দুটা গুৱাহাটীৰ গাৰিগাঁৱৰ হীৰকজ্যোতি দাস আৰু জুহি দাস। ইয়াৰে হীৰকজ্যোতি দাস এগৰাকী বিবাহিত যুৱক আৰু জুহি দাস অষ্টম শ্ৰেণীৰ ছাত্ৰী।
অভিযোগ অনুসৰি, যোৱা মঙলবাৰৰ পৰা সন্ধানহীন হৈ আছিল জুহি দাস।মঙলাবাৰে পুৱতি নিশা তেওঁক হীৰকজ্যোতি দাসে লৈ যোৱাৰ দৃশ্য চিচিটিভিত বন্দী হৈছিল। তাৰ পিছৰে পৰা সন্ধানহীন হয় ছাত্ৰীগৰাকী।ইয়াৰ পিছতে পৰিয়ালৰ লোকে আৰক্ষীক কিশোৰী জুহি দাসক অপহৰণ কৰাৰ অভিযোগ দাখিল কৰিছিল। কিন্তু পৰিয়ালৰ লোকে অভিযোগ দাখিল কৰা পাছতো ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বিষয়টোৰ ওপৰত গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে( Dead body found in Guwahati)।
আজি ব্ৰহ্মপুত্ৰত দুয়োৰে মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। জানিব পৰা মতে হীৰকজ্যোতি দাস এখন বিদ্যালয়ৰ গাড়ীচালক হিচাপে কৰ্মৰত আছিল। এই বাহনতে জুহিয়ে বিদ্যালয়লৈ অহাযোৱা কৰিছিল।
লগতে পঢ়ক :Assam Book Fair begins today:আজিৰে পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা