Local, Vocal, Global

Dead Body Found: বকোৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত উদ্ধাৰ মৃতদেহ

বকো,১৬ফেব্ৰুৱাৰী : পুনৰ ৰাজ্যত মৃতদেহ উদ্ধাৰ । ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা । আৰক্ষী যিমানে সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই চলাই আহিছে অপৰাধ(Dead Body Found)।

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা । বিগত দিনসমূহত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে (Dead Body Found in Boko)।

বকোত মৃতদেহ উদ্ধাৰ ৷বকোৰ শিঙৰা শালনীবাৰীৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত উদ্ধাৰ হয় মৃতদেহটো ৷ উদ্ধাৰ হোৱা মৃতদেহটো মিন্টু পাটোৱাৰী বুলি জানিব পৰা গৈছে ৷ নিশা কোনো অচিনাক্ত বাহনে খুন্দীয়াৰ ফলত লোকজনৰ মৃত্যু হোৱা বুলি সন্দেহ ৷ মৃতদেহৰ লগতে এখন AS O1 FU 5094 নম্বৰৰ ৰঙা স্কুটী উদ্ধাৰ ৷

জানিব পৰা মতে, নিহত মিন্টু পাটোৱাৰীৰ ঘৰ বকোৰ ডেকাপাৰাত ৷ ঘটনাস্থলীত বকো আৰক্ষী উপষ্টিত হৈ মৃতদেহ উদ্ধাৰ কৰি থানালৈ লৈ যায় ৷

লগতে পঢ়ক:Assam CM Himanta Biswa Sarma: মুখ্যমন্ত্ৰীৰ কলাক্ষেত্ৰত নিযুক্তি প্ৰক্ৰিয়াক লৈ বৃহৎ ঘোষণা