Local, Vocal, Global

Dead body recovered : এক চাঞ্চল্যকৰ ঘটনাই জোকাৰি গৈছে মৰিগাঁও

মৰিগাঁও, ১৯ছেপ্টেম্বৰ : এক চাঞ্চল্যকৰ ঘটনাই জোকাৰি গৈছে মৰিগাঁও । ৰাজ্যত ধাৰাবাহিক ভাৱে সংঘটিত হৈ আছে হত্যা হিংসাৰ ঘটনা । তাৰে মাজতে এইবাৰ মৰিগাঁৱত উদ্ধাৰ মহিলাৰ মৃতদেহ । নিজ বাসগৃহতে উলংগ অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ(Dead body recovered) ।

উল্লেখ্য যে, মৰিগাঁও পচতীয়া ২নং ৱাৰ্ডৰ এটা ভাড়াগৃহত পৰিয়ালৰ সৈতে বাস কৰিছিল মহিলাগৰাকী । মঙলবাৰে নিজ ভাড়াঘৰতে আত্মীয়ই উলংগ অৱস্থাত প্ৰত্যক্ষ কৰে মহিলা গৰাকীক ।তাৰ পিছতে সৃষ্টি হয় চাঞ্চল্যৰ ।লগে লগে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে ।আৰক্ষীয়ে ঘটনাৰ খবৰ পোৱা লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে(Dead body recovered in Morigaon)।

মহিলা গৰাকীৰ আত্মীয় উল্লেখ কৰা অনুসৰি, মৃত মহিলা গৰাকী উলংগ অৱস্থাত পৰি আছিল ৷ মহিলা গৰাকীক প্ৰথমে ধৰ্ষণ আৰু তাৰ পিছত ডিঙি চেপি হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালে।

জানিব পৰা মতে, মৃত মহিলা গৰাকীৰ নাম নীকিতা দেৱী বুলি চিনাক্ত কৰা হৈছে। স্বামী কৰ্মসূত্ৰে এখন দোকানত থকাৰ অৱস্থাতে এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে বুলি জানিৱ দিয়ে মৃত মহিলা গৰাকী স্বামীয়ে ৷

ইতিমধ্য়ে মৰিগাঁও আৰক্ষীয়ে স্বামী পিংকু নাথক সোধপোচৰ বাবে আটক কৰিছে । ঘটনাস্থলীত মৰিগাঁও আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে । মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত প্ৰকৃত ঘটনা পোহৰলৈ আহিব বুলি জানিব দিয়ে অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই((Dead body found at Morigaon)।

একাংশ লোকৰ এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰে। কিন্তু বৰ্তমানেও এয়া হত্যা নে আন কিবা সেয়া ৰহস্যৰ আৱৰ্তত।

লগতে পঢ়ক :Dead body recovered : বিশ্বকৰ্মা পূজাৰ আনন্দ উল্লাসৰ মাজতে উদ্ধাৰ মৃতদেহ