Local, Vocal, Global

WATCH | Dead body found : বকোৰ নদিয়াপাৰাত পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ

বকো,২২মে’ : বকোৰ নদিয়াপাৰাত মৃতদেহ উদ্ধাৰ ৷ বকো নদীৰ ৰাজাপাৰা নদিয়াপাৰাৰ নদীৰ পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহ ৷ উদ্ধাৰ হোৱা মৃতদেহটো বকো গহলকনাৰ চিংপাৰৰ পাৰ্ল চাংমা (৫৫) বুলি জানিব পৰা গৈছে ৷

জানিব পৰা মতে, যোৱা ১৯ মে’ সোমবাৰে সন্ধিয়া বজাৰৰ পৰা ঘৰ অভিমুখে গৈ থকাত গৈ অৱস্থান সন্ধানহীন হয় লোকজন। স্থানীয় লোকে সন্ধামহান লোকজনক বিচাৰ খোচাৰ কৰে যদিও সন্ধান নাপাই কোনো মানু্হ নথকা অৱস্থাত দলঙৰ পৰা পিচলি নৈৰ দ ঠাইত পৰি যোৱা বুলি সন্দেহ কৰে(Dead body found)।

ইয়াৰ পিছতে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়া হয় । আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ SDRF অভিযান চলাইছিল যদিও সন্ধান উলিয়াব পৰা নাছিল লোকজন।

অৱশেষত আজি বকো নদীৰ ৰাজাপাৰাৰ নদিয়াপাৰাৰ নদীৰ পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় পাৰ্ল চাংমা নামৰ লোকজনৰ মৃতদেহটো৷ ঘটনা স্থলিত বকো আৰক্ষী উপষ্টিত হৈ মৃতদেহটো আৰক্ষী থানালৈ লৈ অনা হয় ৷

লগতে পঢ়ক : WATCH | Zubeen Garg : জুবিন গাৰ্গৰ স্বাস্থ্যৰ বিষয়ে জনালে চিকিৎসক হিতেশ বৰুৱাই