Local, Vocal, Global

WATCH | Dead body found : অৱশেষত দুধনৈ নৈত উদ্ধাৰ সন্ধানহীন ক্ৰছফিল্ড চাংমাৰ মৃতদেহ

নিউজ ডেস্ক,২২মে’ : দুধনৈ নৈত উদ্ধাৰ সন্ধানহীন হৈ থকা কিশোৰৰ মৃতদেহ। ৩ দিনৰ পিছত উদ্ধাৰ হ’ল সন্ধানহীন মাটিয়াৰ মেধাবী ছাত্ৰৰ মৃতদেহ।

উল্লেখ্য যে মঙলবাৰে বিয়লি কেইজনমান লগৰীয়াৰ সৈতে দুধনৈ নৈত মাছ ধৰিবলৈ গৈছিল ক্ৰছফিল্ড চাংমা। সন্ধিয়া ঘৰলৈ ওভতাৰ পথত দুধনৈ নৈৰ পানী বৃদ্ধি পোৱাৰ ফলত পানীৰ কোবাল সোঁতে উটুৱাই নিয়ে ১৬ বছৰীয়া দশম শ্রেণীৰ মেধাবী ছাত্ৰ জনক(Dead body found)।

ঘটনাৰ পিছৰে পৰা মাটিয়া আৰক্ষীৰ সহযোগত SDRF বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলায় যদিও উদ্ধাৰ কৰিবলৈ সক্ষম নহল। অৱশেষত আজি ৩ দিন পিছত মৰনৈ থানৰ অন্তৰ্গত ডাকাইদল পাৰঘাটত পুৱাৰ ভাগত দুধনৈ-কৃষ্ণাই নৈৰ পানীত উপঙি থকা প্ৰত্যক্ষ কৰে স্থানীয় লোকে, ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। মৃতদেহ উদ্ধাৰ পিছতে কান্দোনত ভাঙি পৰে পৰিয়াল।

লগতে পঢ়ক : WATCH | Spring season arrives : প্ৰকৃতিৰ নয়নাভিৰাম সৌন্দৰ্য