Local, Vocal, Global

WATCH | Dead body found : অৱশেষত উদ্ধাৰ হ’ল বৰপেটাৰ বহৰিত ব্ৰহ্মপুত্ৰত নিখোজ হোৱা কিশোৰৰ মৃতদেহ

বৰপেটা,২৮এপ্ৰিল : অৱশেষত উদ্ধাৰ হ’ল বৰপেটাৰ বহৰিত ব্ৰহ্মপুত্ৰত নিখোজ হোৱা কিশোৰৰ মৃতদেহ ।

উদ্ধাৰ হোৱা মৃতদেহটো কাৰ্তিক তালুকদাৰৰ। আনজন নিখোজ কিশোৰ অমিত চৌধুৰীৰ এতিয়াও ওলোৱা নাই সন্ধান । ইতিমধ্যে SDRF আৰু NDRF দলৰ যৌথভাবে উদ্ধাৰ অভিজান অব্যাহত ৰাখিছে।

শনিবাৰে কাৰ্তিক তালুকদাৰ আৰু অমিত চৌধুৰীয়ে বহৰি লাউপাৰাৰ আঁহতগুৰি ঘাটত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰৰ সোঁতত উটি গৈছিল।

আজি পুৱা কাৰ্তিক তালুকদাৰৰ মৃতদেহ নৈত উপঙি উঠাৰ সময়তে NDRF জোৱানে মৃতদেহটো উদ্ধাৰ কৰে।

কাৰ্তিক তালুকদাৰ বহৰি মণ্ডলপাৰাৰ মহেশ তালুকদাৰৰ একমাত্ৰ পুত্ৰ তথা বহৰি হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ ।

ইপিনে বহৰি চৌধুৰীপাৰাৰ অমিত চৌধুৰীৰ এতিয়াও সন্ধান ওলোৱা নাই(Dead body found)।

বহৰিস্থ তাৰাবাৰী থানাৰ আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছে।

ইপিনে আজি পুৱা গুৱাহাটীৰ পৰা NDRF বাহিনীৰ এটা দল বহৰিত উপস্থিত হৈছে যদিও প্ৰতিকূল বতৰ অৰ্থাৎ নেৰানেপেৰা বৰষুনৰ বাবে উদ্ধাৰ অভিযান ব্যাহত হৈছে।

ব্ৰহ্মপুত্ৰত সন্ধানহীন দুই ছাত্ৰৰ সন্ধানৰ বাবে দেওবাৰে SDRFৰ জোৱানে উদ্ধাৰ অভিযান চলাইছিল যদিও কিশোৰ দুজনৰ কোনো সন্ধান পোৱা নাছিল । বহৰি অঞ্চলত এক আবেগিক পৰিবেশে এতিয়াও বিৰাজমান হৈ আছে আৰু দুয়ে খন ঘৰত কান্দোনৰ ৰোল ।

লগতে পঢ়ক : WATCH | Boko News : বকোৰ ৩৩ নং পূৱ বেকেলী গাওঁ পঞ্চায়তৰ প্রার্থী থুলেশ্বৰ বড়োৰ নিৰ্বাচনী কাৰ্যালয় মুকলি