WATCH | Dead body found : ৰঙিয়া খৈৰাবাৰীৰ ৰাজহুৱা পুখুৰীত মৃতদেহ উদ্ধাৰ
ৰঙিয়া,২১ এপ্ৰিল : ৰঙিয়া খৈৰাবাৰীৰ ৰাজহুৱা পুখুৰীত মৃতদেহ উদ্ধাৰ। উদ্ধাৰ হোৱা মৃতদেহটো কিশোৰ শৰ্মাৰ বুলি জানিব পৰা গৈছে।
নিশা ১১ বজাৰ পৰা সন্ধানহীন হৈ আছিল কিশোৰ শৰ্মা(Dead body found)।
অৱশেষথ পুৱাৰ ভাগৰ পুখুৰীৰ পাৰত কিশোৰ শৰ্মাৰ মোবাইল প্ৰত্যক্ষ কৰি ৰাইজে পানীত পৰা বুলি সন্দেহ কৰে। লগে লগে SDRF বাহিনীৰ তৎপৰতাত পুখুৰীত উদ্ধাৰ কৰে কিশোৰ কলিতাৰ মৃতদেহ। এই ঘটনা পোহৰলৈ অহাৰ পিছতে অঞ্চলজুৰি শোকৰ ছাঁ পৰে।
এইয়া আত্মহত্যা নে অন্য কিবা সেয়া আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তৰ পিছত ওলাই পৰিব। সম্প্ৰতি মৃতদেহটো আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হস্পতাললৈ প্ৰেৰণ কৰিছে।
লগতে পঢ়ক : WATCH | Sensational incident : ছাগলী চোৰক গণ প্ৰহাৰ; নিহত এজন, সংকটজনক অৱস্থাত আন এজন