WATCH | Dead body found : যমুনা নদীত উদ্ধাত অচিনাক্ত মৃতদেহ
হাওৰাঘাট,২৩মাৰ্চ : পণ্ডিতঘাটৰ বাসিন্দা তথা অৱসৰ প্ৰাপ্ত চৰকাৰী বিষয়া মুক্তি প্ৰসাদ লস্কৰৰ মৃত্য়ুয়ে সৃষ্টি কৰিছে চাঞ্চল্যৰ ।
পাহাৰীয়া জিলা কাৰ্বি আংলংৰ হাওৰাঘাট থানাৰ অন্তৰ্গত পণ্ডিতঘাট গাঁৱত বসবাস কৰা অৱসৰ প্ৰাপ্ত Sericulture Department ৰ বিষয়া মুক্তি প্ৰসাদ লস্কৰৰ মৃত্যুৱে অঞ্চলটোত পেলাইছে এক শোঁকৰ ছাঁ।
যোৱা শুকুবাৰে দিনৰ ভাগৰে পৰা ঘৰৰ পৰা সন্ধানহীন হৈ থকা মুক্তি প্ৰসাদ লস্কৰক লৈ পৰিয়ালৰ মাজত লাগে এক হুৱা-দুৱা পৰিৱেশৰ সৃষ্টি হৈছে ।
স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে-লগেই গাঁৱৰ ইমূৰৰ পৰা সিমূৰলৈ যমুনা নদীৰ ইপাৰৰ পৰা সিপাৰলৈ বিচাৰে যদিও শেষত স্থানীয় ৰাইজে শনিবাৰে দিনৰ ভাগত পণ্ডিতঘাটৰ বলোস্থিৰ কাৰ্বি আংলং আৰু হোজাই জিলাৰ সীমান্তৰ যমুনা নদীত ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে এক অচিনাক্ত মৃতদেহ(Dead body found)।
এই কথা গ’ম পোৱাৰ লগে-লগেই হাওৰাঘাট আৰক্ষী চকীক স্থানীয় ৰাইজে অৱগত কৰে যদিও ফলত হাওৰাঘাট থানাৰ আৰক্ষী বিষয়া ঘটনাস্থলীত উপস্থিত হৈ যমুনা নদীৰ পৰা উদ্ধাৰ কৰে মৃতদেহটো।
বিশেষ সূত্ৰই জনোৱা মতে উক্ত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ইতিমধ্যে প্ৰেৰণ কৰা হয় ডিফু চিকিৎসালৈ।
স্বৰ্গীয় মুক্তি প্ৰসাদ লস্কৰৰ এই মৃত্যু হত্যা নে আত্মহত্যা এয়াক লৈ পণ্ডিতঘাট অঞ্চলত সৃষ্টি হৈছে এক চাঞ্চল্যৰ।