WATCH | Dead body found : ডুমডুমা নৈত উদ্ধাৰ অৰ্দ্ধগলিত মৃতদেহ

ডুমডুমা,২৯জুন : ডুমডুমা নগৰৰ মাজ মজিয়াৰ ডুমডুমা নৈত অৰ্দ্ধগলিত অৱস্থাত মৃতদেহ উদ্ধাৰ ।
নদীখনৰ বুকুৱেদি উটি অহা অৱস্থাত উদ্ধাৰ কৰা হয় মৃতদেহটো(Dead body found)।
অৰ্দ্ধগলিত অৱস্থাত থকা বাবে মৃতদেহতো চিনাক্ত কৰিব পৰা নাই যদিও পিন্ধনত থকা চোলাটোৰ বাৱে মৃতদেহটো কোনোবা যুৱকৰ বুলি আৰক্ষীয়ে ঠিৰাং কৰিছে ।
ডুমডুমা নগৰৰ ৮ নং ৱাৰ্ডৰ বুকুৱেদি যোৱা নৈ খনত এনেদৰে যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা বিষয়টোৱে অঞ্চলৰ সচেতন মহলৰ মাজত বিভিন্ন ধৰণৰ প্ৰশ্ন উদ্গীৰন হৈছে ।
ইতিমধ্যে ডুমডুমা আৰক্ষী প্ৰশাসনে অৰ্দ্ধগলিত মৃতদেহটো কোনোপধ্যে নদীৰ বুকুৰ পৰা উদ্ধাৰ কৰি মৰণোত্তৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰে ।
লগতে পঢ়ক : WATCH | 5 Bangladeshi Nationals Detained : কাছাৰৰ কাটিগড়াত সন্দেহজনক বাংলাদেশী আটক