Local, Vocal, Global

WATCH | Dead body found : বুধবাৰে শিংৰা নৈত সন্ধানহীন হোৱা লোকজনৰ মৃতদেহ উদ্ধাৰ

বকো,১৯জুন : বকোৰ শিংৰাত শোকাৱহ ঘটনা।অৱশেষত বুধবাৰে শিংৰা নৈত সন্ধানহীন হোৱা লোকজনৰ মৃতদেহ উদ্ধাৰ ।

সন্ধানহীন হোৱাৰ পৰা কিছু আঁতৰত ওপঙি উঠে লোকজন। লোকজন হ’ল শিংৰা গাঁৱৰ মজেন্দ্র কাকতি(৬২)।

উল্লেখ্য যে, বুধাবাৰে খেতিপথাৰৰ পৰা ঘৰলৈ উভতাৰ পথত শিংৰানৈৰ বাঢ়নি পানীয়ে উটুৱাই নিছিল মজেন্দ্র কাকতিক। ঘটনাস্থলীত এচ ডি আৰ এফ আৰু বকো আৰক্ষীয়ে অভিযান চলাই যদিও নিশা হোৱাৰ বাবে উদ্ধাৰ অভিযান বন্ধ ৰাখিবলগীয়া হয়(Dead body found)।

আজি পুৱাৰ ভাগত ঘটনাস্থলিত এচ ডি আৰ এফ আৰু বকো আৰক্ষীয়ে অভিযান চলাই মৃতদেহ উদ্ধাৰ কৰে। মৰোনত্তৰ বাবে GMCHলৈ প্ৰেৰণ কৰে।

লগতে পঢ়ক : WATCH | Biswanath News : অসমত চলি থকা অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে বিশ্বনাথত দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট