WATCH | Daul festival : নগাঁৱৰ বটদ্রৱা থানত দৌল উৎসৱৰ ব্যাপক প্রস্তুতি

ধিং,১২মাৰ্চ : ৰাজ্যজুৰি দৌল উৎসৱৰ ব্যাপক প্ৰস্তুতি। নগাঁৱৰ বটদ্রৱা থানত দৌল উৎসৱৰ ব্যাপক প্রস্তুতি । ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে দৌল উৎসৱৰ।
অহা ১৩ মাৰ্চৰ পৰা ১৭ মাৰ্চলৈ পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দৌল উৎসৱ পালন কৰা বাবে যুদ্ধকালীন গতিৰে প্রস্তুতি চলিছে নগাঁৱৰ বটদ্ৰৱা থানত। ইতিমধ্যে শ্রীশ্রী বটদ্রৱা থান পৰিচালনা সমিতিৰ তত্বাৱধানত উৎসৱ নিয়াৰিকৈ পালন কৰিবৰ বাবে কেইবাখনো উপ সমিতি গঠন কৰা হৈছে(Daul festival)।
শ্রীশ্রী বটদ্রৱা থান চৌহদত প্রায় ২০ লক্ষাধিক ৰ্তীথ যাত্রীক আদৰণি জনোৱাৰ বাবে প্ৰশাসনিক সাংস্কৃতিক, ধৰ্মীয়, পানী, বিজুলী, চিকিৎসা, খাদ্য আদি সকলোবোৰ সুবিধাৰ বাবে উপ সমিতি সমূহে খৰতকীয়া গতিত কাম কৰি আছে। অহা ১৩ ৰ্মাচ গন্ধোৎসৱৰ সন্ধ্যা গোসাঁইক গন্ধ পূজা সম্পাদন কৰি (শ্ৰীকৃষ্ণৰ মূৰ্তিভাগ) গায়ন বায়ন আৰু ভক্তসবে গাই বাই থানৰ ৰভাতলত স্থাপন কৰা হ’ব।
স্নান কাৰ্য সম্পাদনৰ পাছত গন্ধ তেলেৰে নোৱাই গোসাঁইক নতু্ন বস্ত্র পিন্ধোৱা হ’ব আৰু গায়ন বায়নে ‘ৰাম ধেমালী’ পৰিবেশন কৰিব। ইয়াৰ পাছদিনা অথাৎ ১৪ ৰ্মাচ ‘গোসাঁই মুৰত ফাকু দিয়া উৎসৱ’ বা পূৰ্ণিমা ৰ সন্ধ্যা গোসাঁইক নোৱাই ধোৱাই আসনত বহুৱাই সুবাসিত ফাকু দিয়া হ’ব আৰু গায়ন বায়নে ‘ন-ধেমালী’ পৰিবেশন কৰিব আৰু ভক্ত বৈষ্ণৱ সকলে ফাকু ৰ্নিমালী আৰু পদজল গ্রহন কৰিব। পূৰ্ণিমাৰ উৰে নিশা গোসাঁইক ৰভাতলত ৰাখি ৰাজ্য খনৰ ভিন্ন প্রন্তৰ পৰা অহা তীৰ্থযাত্ৰী ভক্ত বৈষ্ণৱে নাম কীৰ্তন কৰিব। ১৪ ৰ্মাচ দিনা গোসাঁই ফুৰোৱা উৎসৱ।
সেই দিনা ২ বজাত গায়ন বায়ন, ভকত-বৈষ্ণৱ, আই-মাতৃ সকলোৱে কৃষ্ণ গোসাঁইক ৰভাতলৰ পৰা উলিয়াই সুসজ্জিত দোলা ৰথত উঠাই দণ্ড, চক্র, ভেৰু, কালি, সো-মুখ শংঙ্খৰ ধ্বনি, আই সকলৰ জাউৰিয়ে জাউৰিয়ে বিয়া নামৰ লগত বৈচিত্রময় অসমীয়া জাতীয় জীৱনৰ বৰ্নিল সমাহাৰেৰে ফাকুৰ গুৰি সিচি সিচি দৌললে যাত্রা কৰিব। দৌল মন্দিৰত গোসাঁইক পূজা অৰ্চনা দি সাত পাক পদক্ষিন কৰোৱাৰ পাছত গোসাঁইক বৰদোৱাৰ দুই সত্ৰ ক্ৰমে শ্ৰীশ্ৰী শলগুৰি আৰু শ্ৰীশ্ৰী নৰোৱা সত্ৰত পদক্ষিন কৰোৱাই লগতে সত্ৰাধিকাৰ সকলৰ ঘৰত প্ৰবেশ কৰোৱাই পূজা অৰ্চনা দি শেষত নিশা ৮ বজাত দুৱাৰ ধৰা নামৰ এটা বিশেষ অনুষ্ঠানৰ দ্বাৰা কীৰ্তন ঘৰত প্ৰবেশ কৰোৱা পাছতে দৌল যাত্রা উৎসৱৰ ধৰ্মীয় কাৰ্যসূচীৰ অন্ত পৰিব৷আনহাতে দৌল যাত্রা উৎসৱৰ লগত সংগতি ৰাখি ১৪ ১৫আৰু ১৬ ৰ্মাচৰ নিশা আকাশী গংগাৰ পাৰৰ প্রেক্ষাগৃহত সংস্কৃতিক অনুষ্ঠান আৰু ভাওনা অনুষ্ঠিত হ’ব।
তিনিও নিশাতে ৰাজ্য খনৰ ভিন্ন প্রান্তৰ পৰা আমন্ত্রিত ভাওনা, সত্রীয়া নৃত্য, লোক নৃত্য, লোক সংগীত, বৰগীত, শাস্ত্ৰীয় নৃত্য, দিহানাম আদি অনুষ্ঠান পৰিৱেশন কৰা হ’ব বুলি বটদ্ৰৱা থান পৰিচালনা সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক টিকেন্দজিত দেৱ গোস্বামীয়ে জনাইছে।
লগতে পঢ়ক : WATCH | Sensational incident : অৱশেষত উদ্ধাৰ হ’ল বিগত দহ দিনে নিৰুদ্দেশ হৈ থকা যুৱকৰ মৃতদেহ উদ্ধাৰ