Local, Vocal, Global

WATCH | Darrang News : দৰঙৰ শিক্ষা বিষয়াৰ বিৰুদ্ধে সৰৱ দৰং জিলা ছাত্ৰ সন্থা

দৰং,৫মাৰ্চ : দৰঙৰ শিক্ষা বিষয়াৰ বিৰুদ্ধে সৰৱ দৰং জিলা ছাত্ৰ সন্থা। শিক্ষা বিষয়া জেচমিন আৰা আহমেদৰ মইমতালিৰ অভিযোগত স্মাৰক পত্ৰ প্ৰদান আছুৰ।
ধন অবিহনে শিক্ষা বিভাগৰ কোনো কাম নকৰাৰ অভিযোগ দৰং আছুৰ।দৰং জিলা আয়ুক্তক শিক্ষা বিষয়া গৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি প্ৰদান কৰে স্মাৰক পত্ৰ।

শিক্ষা বিষয়া জেছমিন আৰা আহমেদে নিজ খেয়াল খুচি মতে কাম কৰাৰ পৰিপ্ৰেক্ষিতত ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাটো ধ্বংসৰ মুখলৈ গতি কৰিছে, দৰঙৰ প্ৰায় ১৯ খন বিদ্যালয়ত প্ৰধান শিক্ষক/অধ্যক্ষ অবিহনে চলি থকাৰ পিছত সেই বিদ্যালয় সমূহৰ দায়িত্ব, জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ দায়িত্বও গ্ৰহন কৰি থকা বিষয়া গৰাকীয়ে আন কেইবাটাও বিভাগৰ মুৰব্বী হিছাপে কাৰ্যনিৰ্বাহ কৰি আছে।

বিদ্যালয়ত অধ্যক্ষৰ কোঠাত তলা লগাই চহৰৰ কাৰ্যালয়ৰ পৰা বিদ্যালয় চলাব খোজা এই গৰাকী শিক্ষা বিষয়াই প্ৰতিটো অঞ্চলত ৰাইজৰ প্ৰচেষ্টাত গঢ় লৈ উঠা বিদ্যালয় সমূহ ধ্বংসৰ মুখলৈ ঠেলি দিব বিচাৰিছে।
নিজৰ কাৰ্যালয়ত প্ৰায়ে উপস্থিত নহৈ ভাড়াঘৰৰ পৰা কাম কাজ চলাই থকা এই বিষয়া গৰাকীয়ে এটা সময়তে কেনেকৈ ১৯ খন বিদ্যালয়ত প্ৰধান শিক্ষক বা অধ্যক্ষৰ দায়িত্ব লৈ কাম কাজ চলাই আছে বুলিও প্ৰশ্ন কৰে আছুই(Darrang News)।

ইফালে এই গৰাকী শিক্ষা বিষয়াৰ দুৰ্নীতিৰ বজাৰ খনো বৃহৎ পৰিসৰৰ। ধনৰ লেনদেনৰ জৰিয়তে ফাইলত চহী কৰা এই বিষয়া গৰাকীৰ বিৰুদ্ধে ৰাইজে বিভিন্ন সময়ত অভিযোগ দিয়াৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা শিক্ষা বিভাগে গ্ৰহণ নকৰাত আছুই আজি শিক্ষা বিষয়া গৰাকীৰ বিৰুদ্ধে দৰঙৰ আয়ুক্তক লিখিত অভিযোগ দাখিল কৰে।

লগতে পঢ়ক :WATCH | Duliajan News : দুলীয়াজানৰ বৰকোলাত চাঞ্চল্যকৰ ডকাইতি