Watch | Darang news: দৰং জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত মোবাইলৰ উজান
দৰং: জিলা আৰক্ষীয়ে বিগত কেইটামান দিনত দৰঙৰ ভিন্ন প্ৰান্তৰ বিভিন্ন লোকৰ পৰা চোৰে চুৰি কৰি নিয়া মোবাইল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। উদ্ধাৰকৃত প্ৰায় ২৫ টাকৈ হেৰোৱা মোবাইল বুধবাৰে উদ্ধাৰ কৰি গটাই দিলে গৰাকীক। মোবাইলৰ গৰাকী সকলেও জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হৈ চমজাই লয় মোবাইল সমূহ। লগতে জিলা খনত বিভিন্ন সময়ত বিভিন্ন ঠাইত এনেদৰে মোবাইল হেৰোৱা বা চুৰি হোৱা আদি কাৰ্য্য সংঘটিত হৈ থকাৰ পৰিপ্ৰেক্ষিতত এনে চুৰি বা হেৰোৱা মোবাইল কোনো লোকে পালে তৎকালীন ভাবে ওচৰৰ আৰক্ষী চকীত অৱগত কৰি জমা দিবলৈ অপৰাধ শাখাৰ উপ আৰক্ষী বিষয়া গৰাকীয়ে ৰাইজক আহ্বান জনায়।