Dancing Thief: এইবাৰ বিদ্যালয়ত ডেন্সাৰ চোৰৰ অভিযান
গুৱাহাটী: নাচি নাচি চুৰিকাণ্ড সংঘটিত কৰিলে চোৰে। চোৰে কৰিবলৈ বিদ্যালয়ৰ পিছফালৰ খিৰিকী ভাঙি প্ৰৱেশ কৰিলে চোৰে।উক্ত ঘটনাটো সংঘটিত হৈছে বঙাইগাঁও জিলাৰ অভয়াপুৰী ইকৰাবাৰী বীনাপানি হাইস্কুলত।চোৰে বিদ্যালয় খনৰ কম্পিউটাৰ সংযোগী কেবুল লৈ যোৱাৰ উপৰিও লণ্ড-ভণ্ড কৰি থৈ যায় বিদ্যালয়ৰ আচবাব পত্ৰ।সমগ্ৰ চুৰিকাণ্ডৰ দৃশ্য বন্দী হৈছে চি চি টিভি কেমেৰাত।ঘটনাস্থলীত উত্তৰ শালমাৰা আৰক্ষী উপস্থিত।ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষই এজাহাৰ দাখিল কৰিছে।