Local, Vocal, Global

WATCH | Dalgaon News : দলগাঁৱৰ এখন গুৰুত্বপূৰ্ণ পথ মেৰামতিৰ দাবী আমছুৰ

দলগাঁও,৩জুন : দলগাঁৱৰ এখন গুৰুত্বপূৰ্ণ পথ মেৰামতিৰ দাবী আমছুৰ। দৰং জিলাৰ দলগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ মূল পথছোৱা জৰাজীৰ্ণ হৈ পৰাত পথছেোৱা মেৰামতি কৰিবলৈ সম- জিলা আয়ুক্ত লৈ আমছুৰ দলগাঁও আঞ্চলিক সমিতিয়ে স্মাৰক পত্র প্রদান কৰে(Dalgaon News)।

উক্ত পথছোৱা জৰাজীৰ্ণ হৈ পুখুৰী সদৃশ হৈ পৰাত দৈনিক শ শ ছাত্র-ছাত্ৰী আৰু অভিভাৱক সকলে অহা যোৱা কৰাত এক বৃহৎ সমস্যাৰ সন্মূখীন হৈছে । বিগত দিনত কোনো এজন জন প্রতিনিধিয়ে উক্ত পথছোৱাৰ প্রতি সু- দৃষ্টি নিদিয়াৰ বাবে ক্ষুব প্ৰকাশ কৰি অতি শীঘ্ৰেই পথছোৱা পকীকৰণৰ দাবী জনাই জিলা আমছুৰ উপ-সভাপতি ছাকিব আহমেদ ৰাজুৱে ।

লগতে পঢ়ক :WATCH | World Bicycle Day : বিশ্বনাথ চাৰিআলিৰ লে’টচ পেডেলৰ উদ্যোগত বিশ্ব বাইচাইকেল দিৱস পালন