WATCH | Dalgaon News : দলগাঁৱৰ ধনশ্ৰী নৈৰ কালৰূপ!
দলগাঁও,৩১মে’ : দলগাঁৱৰ ধনশ্ৰী নৈৰ কালৰূপ! শ্যামপুৰ খেৰণী চাপৰি গাঁৱত গৰাখহনীয়াৰ কৱলত পৰিছে নৈ পৰীয়া ৰাইজ। ঘৰ দুৱাৰ জাহ গৈছে নৈৰ বুকুত ।
এতিয়া চিন্তিত হৈ পৰিছে নৈ পৰীয়া ৰাইজ। গাঁওখনত থকা এটা চৰকাৰী প্ৰাথমিক বিদ্যালয় নৈ বুকুত জাহ গৈছে। খেৰণী চাপৰি কাষেৰে বৈ যোৱা ধনশ্ৰী নৈ যোৱা কেবা দিন হোৱা মুষলধাৰ বৰষুণৰ ফলত পানী বাঢ়ি তীব্র স্ৰোতৰ সৃষ্টি কৰে(Dalgaon News)।
বানাক্ৰান্ত পৰিয়াল কেইটা আজি নৈৰ কবলৰ পৰা ৰক্ষা কৰা সা-সামগ্ৰীখিনি ট্ৰেক্টৰ ভৰাই নতুন ঠিকনা বিচাৰি যাত্রা কৰে। আশ্রয়হীন পৰিয়াল কেইটা বৰ্তমান কত আশ্ৰয় পাব তাকে লৈ অনিশ্চয়তাত ভূগিছে। আশ্ৰয়হীন পৰিয়াল কেইটাই চৰকাৰৰ পৰা অলপ সহায় বিচাৰি কাতৰ আহ্বান জনায়ছে।
লগতে পঢ়ক : WATCH | Dergaon News : বেচৰকাৰী শিক্ষানুষ্ঠান শিশু ভাৰতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন