WATCH | Dalgaon News : দলগাঁৱত চাউল চুৰিৰ অভিযোগত শিক্ষকক আটক
দলগাঁও,৩০জুন : চৰকাৰী দৰমহাৰে পেট নভৰে একাংশ শিক্ষকৰ । দৰঙৰ দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ৭৭৭ নং নিজ গাধৈঝাৰ প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ চাউল চুৰিৰ ঘটনা(Dalgaon News)।
অভিযোগ মতে,দীৰ্ঘ দিন ধৰি কণ কণ ছাত্ৰ ছাত্ৰীক মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত কৰি জমা কৰি ৰাখিছিল চাউল। সোমবাৰে পুৱা ১০ বজাত বিদ্যালয় ছুটি দি গুচি যায় ছাত্ৰ ছাত্ৰী আৰু শিক্ষক গৰাকী। সুযোগ বুজি পুনৰ বিদ্যালয়ত প্ৰৱেশ কৰে প্ৰধান শিক্ষক ইউছুফ আলী।
বিদ্যালয় খনৰ প্ৰধান শিক্ষক ইউছুফ আলীয়ে নিজৰ বাহনত ১ বস্তা চাউল বিক্ৰীৰ উদ্দেশ্যে লৈ যোৱা অৱস্থাত স্থানীয় ৰাইজে হাতে নাতে ধৰি খবৰ দিয়ে দলগাঁও আৰক্ষীক।দলগাওঁ আৰক্ষীৰ এটা দল ঘটনা স্থলীত উপস্থিত হৈ প্ৰধান শিক্ষক ইউছুফ আলীক আটক কৰি থানালৈ লৈ যায় । এই ঘটনাই শিক্ষক সজাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।
লগতে পঢ়ক : WATCH | Hajo News : কলিতাকুছি পঞ্চায়তৰ সভাপতি নিৰ্বাচন