WATCH | Dalgaon News : দলগাঁৱত গুৰুলা গুৰুলকৈ প্ৰহাৰ ছাত্ৰক
দলগাঁও,১৪জুন : দৰঙৰ দলগাঁৱত শিক্ষকৰ বিৰুদ্ধে দাখিল গোচৰ। বৰুৱাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাডেমিক ইনচাৰ্জ বৰকত উল্লাহৰ বিৰুদ্ধে দলগাঁও থানাত গোচৰ দাখিল কৰিছে উক্ত বিদ্যালয়ৰেই দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰই।
ছাত্ৰ জনে অভিযোগ কৰা অনুসৰি, মধ্যাহ্ন ভোজন যোগান ধৰাত খেলিমেলি,অনিয়মীয়া পাঠদান আদিৰ অভিযোগ তুলিছিল(Dalgaon News)।
উল্লেখ্য যে , শিক্ষক বৰকত উল্লাহে দায়িত্ব লাভৰ পিছৰে পৰাই বিদ্যালয় খনত মধ্যাহ্ন ভোজনত খেলিমেলি কৰা আৰু অস্বাস্থ্যকৰ পানী যোগান ধৰা , অনিয়মীয়া পাঠদান আদিৰ অভিযোগ কৰাত ছাত্ৰ জনৰ বিৰুদ্ধে খৰ্গহস্থ হৈ পৰে । আজি অইন এগৰাকী ছাত্ৰই শ্ৰেণীকোঠা এৰি গছত উঠি বহি থকা বিষয়টো ইনচাৰ্জক অৱগত কৰি তেওঁৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ গোহাৰি জনোৱাত ওলোটাই তেওঁৰ পিঠিত দুটাকৈ চেকনি ভাঙে বুলি বিস্ফোৰক অভিযোগ কৰে।
লগতে পঢ়ক : WATCH | Dead body found : ৰঙিয়া পুৰণি ষ্টেচনত মৃতদেহ উদ্ধাৰ