Local, Vocal, Global

Daily Horoscope for 9th October : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : বহুত দিনৰ পৰা অনুভৱ হৈ থকা ভাগৰতা আৰু অশান্তিৰ পৰা আপুনি আৰাম পাব। এই সমস্যা সমূহৰ পৰা স্থায়ী ভাৱে পৰিত্ৰাণ পাবৰ বাবে জীৱন-শৈলীত সাল-সলনি অনাৰ প্ৰয়োজন আছে। যিকোনো ডাঙৰ যোজনা আৰু বিচাৰ আপোনাৰ মন আকৰ্ষিত কৰিব পাৰে । যিকোনো ধৰণৰ বিনিয়োগ কৰাৰ আগত সেই ব্যক্তিৰ বিষয়ে ভালকৈ সোধ পোছ কৰি লোৱা ভাল হব। আজি আপুনি কিছু অন্য ধৰণৰ ৰোমাঞ্চ অনুভৱ কৰিব।

বৃষ ৰাশি : আজি আপোনাৰ স্বাস্থ্য ভালে থকাৰ পুৰ্ণ সম্ভাৱনা অছে। আপোনাৰ ভাল স্বাস্থ্যৰ বাবে আজি আপোনাৰ বন্ধুসকলৰ লগত খেলিব যোৱাৰ পৰিকল্পনা বনাব পাৰে। যদি আপুনি বহুত দিনৰ পৰা আৰ্থিক লোন লোৱাৰ বাবে যোগাযোগ কৰি আছে তেন্তে আজি আপুনি লোন পাব পাৰে। পাৰিবাৰিক অথবা ঘৰুৱা অশান্তিক আপোনাৰ একাগ্ৰতা তথা মনোযোগ ভংগ কৰাৰ কাৰক বনিব নিদিব , বেয়া সময়ে আপোনাক জীৱনত অধিক অভিজ্ঞতা প্ৰদান কৰিব। দুখৰ জোৱাৰত নিজকে উটি যাব নিদি জীৱনৰ এই অসফলতাক এক অধ্যায় বুলি গ্ৰহণ কৰাটোহে বুদ্ধিমত্তাৰ কাম হব।

মিথুন ৰাশি : ৰক্তচাপ থকা ৰোগীবোৰে অনুগ্ৰহ কৰি নিজৰ যত্ন লোৱা আৰম্ভ কৰক আৰু আপুনি ঔষধ গ্ৰহণ কৰাৰ আৱশ্যক আছে আৰু আপুনি ৰেড ৱাইন গ্ৰহণ কৰিলেও বহুত আৰাম পাব, লগতে আপোনাৰ কলেষ্ট্ৰলো নিয়ন্ত্ৰণত ৰখাৰ চেষ্টা কৰক,এনেকুৱা কৰাটো আপোনাৰ বাবে অধিক লাভদায়ক বুলি পৰিগণিত হ’ব। ৰিয়েল এষ্টেট আৰু বিত্তীয় লেন দেনৰ বাবে বহুত ভাল দিন। আপুনি আজি নিজৰ সন্তানৰ পৰা কিছু শিক্ষা লব পাৰে , সিহঁতৰ সহজ সৰল ব্যৱহাৰে ওচৰ পাজৰৰ লোকক স্নেহ আৰু উৎসাহ প্ৰদান কৰিব আৰু বেলেগৰ মাজত পৰিৱৰ্তন আনিব।

কৰ্কট ৰাশি : আজি আপোনাৰ দিনটো লাভত যাব আৰু আপুনি বহুদিনীয়া বেমাৰৰ পৰা অলপ শান্তি অনুভৱ কৰিব। আজি আপোনাৰ তাত পৰ্যাপ্ত পৰিমাণৰ অৰ্থৰ লগতে মনত শান্তিত থাকিব। ঘৰুৱা জীৱনত কিছু হতাশাৰ সন্মুখীন হব পাৰে। প্ৰেম ৰোমাঞ্চ বহুত ৰোমাণ্টিক হব ,এইবাবে তাৰ লগত সম্পৰ্ক কৰক যাক আপুনি সচাকৈ ভাল পায় আৰু এই দিনক ভালকৈ উদযাপন কৰক।

সিংহ ৰাশি : স্বাস্থ্যৰ ফালেদি চাব গলে আজিৰ দিনটো বহুত ভাল হ’ব । আপোনাৰ সদায় সুখী মনোভাৱে আপোনাৰ আত্মবিশ্বাস বঢ়াত সহায় কৰিব। মনোৰঞ্জন আৰু সৌন্দৰ্যৰ বৃদ্ধিৰ বাবে প্ৰয়োজনতকৈ অধিক সময় খৰচ নকৰিব। বন্ধুক আপোনাৰ উদাৰচিতীয়া স্বভাৱৰ বেয়া লাভ উঠাব নিদিব।অংশীদাৰৰ ব্যৱসায়ত কৰি থোৱা কাম আজি লাভদায়ক ৰূপে পৰিগণিত হব ,কিন্তু আপুনি অংশীদাৰ সকলৰ বিৰোধৰ সন্মুখীন হব লগাত পৰিব পাৰে।

কন্যা ৰাশি : ধাৰ্মিক আৰু আধ্যাত্মিক ৰুচি অনুযায়ী কাম কৰিবৰ বাবে আজি ভাল দিন হয়। আজিৰ দিনটোত আপোনাৰ ধন লাভ হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে । আজি আপোনাৰ মানসিক শান্তি প্ৰাপ্ত হব। আপুনি নিজৰ সমস্যা সমূহ পাহৰি পৰিয়ালৰ লগত ভাল সময় অতিবাহিত কৰক। আজিৰ দিনাখন নিজৰ প্ৰিয়জনৰ ভাৱনাক বুজাৰ চেষ্টা কৰক। গুৰুত্বপূৰ্ণ ব্যৱসায়িক সম্পৰ্ক কৰাৰ আগতে বেলেগৰ চাপত কাণ নিদিব। ছাত্ৰসকলক পৰামৰ্শ দিয়া হল যে বন্ধুত্বৰ খাতিৰত সিহতে যাতে সময় অপচয় নকৰে । বন্ধু আহিব লগা সময়তো হ’ব কিন্তু পঢ়িব বাবে এই সময় উপযোগী। আপোনাক সুখী কৰিবৰ বাবে আপোনাৰ জীৱন সংগী বহুত চেষ্টা কৰিব পাৰে।

তুলা ৰাশি : আজিকালিৰ মনোৰঞ্জনৰ লগত বাহিৰৰ গতিবিধি তথা খেল ধেমালিও সংযোগ কৰিব লাগে। গ্ৰহ- নক্ষত্ৰৰ স্থিতি আজি আপোনাৰ বাবে প্ৰতিকূল , আজি আপুনি আপোনাৰ ধন বিশেষ সুৰক্ষিত কৰি ৰাখিব লাগিব। এটা পাৰিবাৰিক ৰহস্যৰ ভেদ খোল খোৱা বাবে আপোনালোক আশ্চৰ্য হৈ যাব পাৰে। গোটেই বিশ্বব্ৰহ্মাণ্ডৰ শক্তি যেন আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ মাজত সোমাই আছে, কাৰণ প্ৰেমৰ অনুভূতি বোৰ এনেকুৱাই , আপুনিয়েই সেই ভাগ্যৱান যি এই অনুভৱ অনুভূতি লাভ কৰিছে। আপোনাৰ জীৱন সংগী অন্য দিনতকৈ আজি আপোনাৰ অধিক যত্ন কৰিব।

বৃশ্চিক ৰাশি : আকাশত ধোৱা চাং পাতি থাকোতে সময় খৰচ নকৰিব। আৰ্থিক দিশত শুধৰণি আনিবৰ বাবে আপুনি বহুত সহজতে বহুত সময়ৰ পৰা থকা বিল আৰু ধাৰ পৰিশোধ কৰিব পাৰিব। পৰিয়ালৰ লগত সামাজিক গতিবিধিয়ে আপোনাকে ধৰি সকলোকে সুখী কৰিব। আপুনি নিজৰ প্ৰিয়জনক নিজৰ পৰিস্থিতি বুজাবলৈ গৈ অলপ সমস্যাৰ সন্মুখীন হব পাৰে। নিজৰ উদ্দেশ্যৰ দিশে শান্তিৰে আগবাঢ়ি থাকক আৰু সফলতা প্ৰাপ্ত হ’লেহে নিজৰ উদ্দেশ্য অন্যৰ আগত প্ৰকাশ কৰিব।

ধনু ৰাশি : মানসিক শান্তিৰ বাবে দান পূণ্যৰ কামত সহযোগিতা কৰক। আজিৰ দিনটো ইমান লাভদায়ক নহ’ব,এইবাবে আপুনি নিজৰ পইচাৰ ওপৰত চকু দিয়া উচিত আৰু প্ৰয়োজনতকৈ অধিক খৰচ কৰা উচিত নহ’ব। কোনোবা ধাৰ্মিক স্থল অথবা তেনেকুৱা সমন্ধীয় ঠাইত যোৱাৰ সম্ভাৱনা আছে। আপোনাৰ প্ৰিয়জনৰ অৱহেলা কৰাটো ঘৰত নতুন অশান্তি লৈ আহিব। আজিৰ দিনটো আপুনি সকলোৰে ধ্যানৰ কেন্দ্ৰবিন্দু হৈ থাকিব আৰু সফলতাৰ শীৰ্ষ আৰহণ কৰিব। যাত্ৰা আৰু ভ্ৰমণৰ সুযোগ হাতৰ পৰা ওলাই যাব নিদিব। আপোনাৰ জীৱন সংগী আজি লগৰ বন্ধু-বান্ধৱৰ লগত অধিক সময় অতিবাহিত কৰিব পাৰে ,যাৰ বাবে আজি আপুনি হতাশ হৈ পৰিব পাৰে।

মকৰ ৰাশি : আজি খেল ধূলাত অংশগ্ৰহণ কৰাটো জৰুৰী। বন্ধুৰ সহায়ত বিত্তীয় কঠিনতা ভাল হৈ যাব। এক ঘনিষ্ঠ আত্মীয় নিজৰ বাবে আপোনাৰ অধিক যতন লব, অৱশ্যে তেখেত বহুত সহায়কাৰী আৰু খবৰ লৈ থকা বিধৰ মানুহ হব। আজি আপুনি দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰাৰ বাবে আপোনাৰ প্ৰেমাস্পদ দুখ পাব পাৰে। কলাত্মক কামৰ লগত জড়িত মানুহৰ বাবে আজি এক ধুনীয়া দিন হয়,কাৰণ সিহঁতক আজি এই দক্ষতাই ধন আৰু খ্যাতি প্ৰদান কৰিব।

কুম্ভ ৰাশি : বহুতদিনৰ পৰা অনুভৱ হৈ থকা ভাগৰতা আৰু অশান্তিৰ পৰা আপুনি আৰাম পাব। এই সমস্যা সমূহৰ পৰা স্থায়ী ভাৱে পৰিত্ৰাণ পাবৰ বাবে জীৱন-শৈলীত সাল-সলনি অনাৰ প্ৰয়োজন আছে। আপুনি এনেকুৱা অনুভৱ কৰিব পাৰে যে আপুনি জানে যে অন্য লোক আপোনাৰ পৰা কি বিচাৰে -কিন্তু আজি আপুনি নিজৰ খৰচ সমূহ খৰচ হৈ যোৱাৰ পৰা বাচক। ঘৰত আৰু ঘৰৰ চাৰিওফালে সৰু-সুৰা পৰিৱৰ্তন কৰিলে আপোনাৰ ঘৰ খন শুৱনি হৈ উঠিব।

Daily Horoscope for 8th October : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফলআজি আপোনাৰ স্বাস্থ্য ভালে থকাৰ পুৰ্ণ সম্ভাৱনা অছে। আপোনাৰ ভাল স্বাস্থ্যৰ বাবে আজি আপোনাৰ বন্ধুসকলৰ লগত খেলিব যোৱাৰ পৰিকল্পনা বনাব পাৰে। আজি কাৰো সহায় অবিহনে অৰ্থ ঘটাত আপুনি সক্ষম হব। আপোনাৰ জীৱন সংগী আপোনাক সহায় আগবঢ়াব আৰু এইখিনি আপোনাৰ বাবে বহুত সহায়কাৰী বুলি পৰিগণিত হব। আপোনাৰ প্ৰেমাস্পদ আজি আপোনাৰ কথা শুনাতকৈ বেছি নিজৰ কথা প্ৰকাশ কৰাত বেছি গুৰুত্ত্ব দিব ফলস্বৰূপে আপুনি অলপ বিৰক্ত হব পাৰে।