Local, Vocal, Global

Daily Horoscope for 9th December : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: আজিৰ দিনটোত আপোনাৰ বাবে শুভ ৷আজি আপোনাৰ সপোন পূৰণ হোৱাৰ সম্ভাৱনা আছে(Daily Horoscope) ৷

বৃষ ৰাশি: আজি আপুনি ব্যৱসায়ৰ বাবে ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে ৷ কৰ্মস্থলীত আপোনাৰ জ্যেষ্ঠসকল আপোনাৰ কামৰ দ্বাৰা প্ৰভাৱান্বিত হ’ব; পদোন্নতিৰ আশা কৰিব পাৰে ৷ পিতৃ তথা বয়োজেষ্ঠসকলৰ পৰা উপকৃত হ’ব ৷

মিথুন ৰাশি: আজি আপুনি নেতিবাচক চিন্তাধাৰা এৰাই চলক ৷ অনৈতিক কামে আপোনাক বিপদত পেলাব পাৰে ৷ আপুনি খোৱা খাদ্যৰ প্ৰতি লক্ষ্য ৰাখক, অস্বাস্থ্যকৰ খাদ্যই অসুখ কৰিব পাৰে ৷ শিল্প আৰু সাহিত্যৰ প্ৰতি সৃজনশীল আকৰ্ষণ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷ আপোনাৰ সৃজনশীলতাক বৃদ্ধি হ’বলৈ দিয়ক ৷

কৰ্কট ৰাশি: কোনো লোকৰ লগত আবেগিকভাৱে জড়িত হৈ পৰিব পাৰে ৷ আজি আপুনি বন্ধুবৰ্গৰ লগত সময় কটাওক, আনন্দ উপভোগ কৰক ৷ সন্ধিয়া আপোনাৰ মন সলনি হ’ব পাৰে, সেয়ে নিজৰ ক্ৰোধক নিয়ন্ত্ৰিত কৰি ৰাখক ৷ নতুন কাম আৰম্ভ কৰিবৰ বাবে ভাল দিন নহয় ৷ দুৰ্ঘটনা প্ৰৱল হোৱাৰ সম্ভাৱনা আছে, সাৱধানতাৰে বাহন চলাওক ৷

সিংহ ৰাশি: আৰ্থিক সম্পদৰ আয়োজন কৰিবলৈ আৰু ব্যৱসায় বিস্তাৰৰ বাবে সঠিক দিন ৷ বিনিয়োগ আৰু ব্যাসৰ মাধ্যমেৰে আৰ্থিক লাভ কৰিব পাৰিব ৷ আৰ্থিক সংকটত ই আপোনাৰ সহায় কৰিব ।

কন্যা ৰাশি: নতুন আৰু ষ্টাইলিচ পোছক ক্ৰয় কৰিবলৈ আপুনি উত্‍সাহিত অনুভৱ কৰিব ৷ ব্যৱসায়ী আৰু পেচাদাৰীসকলৰ বাবে দিনটো ফলদায়ক হ’ব ৷ কৰ্মস্থলীত প্ৰতিদ্বন্দীসকলতকৈ কৈ নিজকে শ্ৰেষ্ঠ বুলি প্ৰমাণ কৰি আপুনি সুখী হ’ব ৷ এটা অতি সুন্দৰ দিন ৷

তুলা ৰাশি: আজি আপুনি মাতৃৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখক, অসুস্থ হৈ পৰিব পাৰে ৷ সম্পত্তি বা মাটি আদিৰ দৰে আইনী বিষয়ত লেনদেন কৰোতে লক্ষ্য ৰাখিব আৰু সতৰ্ক হৈ চলক ৷ গান শুনি বা গাই কোনো সৃষ্টিমূলক কামত জড়িত হ’ব পাৰে ৷ শিক্ষাৰ্থীসকলে এটা ফলদায়ক সময় উপভোগ কৰিব ৷

বৃশ্চিক ৰাশি: আপোনাৰ ব্যক্তিগত জীৱনেই হওক বা সম্পত্তি সম্বন্ধীয় বিষয় হওক, আপুনি সকলো সমাধান কৰিব পাৰিব বুলি আভাস হয় ৷ ভাতৃ-ভগ্নীৰ লগত সম্পৰ্ক শ্ৰেষ্ঠতম হ’ব ৷ দিনটোৰ দ্বিতীয় ভাগত, আপুনি বিৰক্ত আৰু আগ্ৰাসী হৈ পৰিব ৷ পৰিয়ালৰ লোকৰ মাজত ব্যৱধান বৃদ্ধি পাব আৰু ব্যয় হ’ব ৷ সমাজত আপোনাৰ চৰিত্ৰত কালিমা সানিব পৰা কামৰ পৰা বিৰত থাকক ৷

ধনু ৰাশি: আপোনাৰ খং আৰু কথা কোৱাক নিয়ন্ত্ৰণ কৰিব বহুতো বিৰোধৰ পৰা বাচিব পাৰিব ৷ নিজকে ধৰ্মীয় কাৰ্যত লিপ্ত কৰাওক আৰু নিজকে শান্ত কৰিবৰ বাবে ধ্যান সাধনা কৰক ৷ সন্ধিয়া সময়ত নিজৰ চিন্তাক দূৰ কৰিবৰ বাবে বিভিন্ন উপায় বিচাৰি উলিয়াব, যি আপোনাৰ মনক শান্ত কৰিব ৷ শান্তিময় সন্ধিয়া উপভোগ কৰক ৷

মকৰ ৰাশি: আপোনাৰ নতুন প্ৰজেক্ট আৰম্ভ কৰিবৰ বাবে এটা উপযুক্ত দিন ৷ দিনটোৰ পিছভাগত, অলপ নেতিবাচক মনোভাৱে আপোনাৰ মনত আহিব পাৰে ৷ সিদ্ধান্ত লোৱা ক্ষমতাত প্ৰভাৱ পেলাব পাৰে ৷ ব্যক্তিগত খৰচৰ বাবে ধন ব্যয় কৰিব পাৰে ৷

কুম্ভ ৰাশি: আজি আপুনি ধাৰ্মিক ৰূপ ধাৰণ কৰিব পাৰে ৷ ফলস্বৰূপে, আপুনি নিজকে ধৰ্মীয় কাম কাজত ব্যস্ত কৰি ৰাখিব পাৰে ৷ লগতে, আপুনি ধৰ্মীয় যাত্ৰাত যথেষ্ট পৰিমাণে ব্যয় কৰিব পাৰে ৷ আইনী বিষয়বস্তু নিস্পত্তি হোৱাৰ সম্ভাৱনা আছে ৷ স্বাস্থ্য ভালে থাকিব ৷ পৰিয়ালৰ লগত সময় কটাওক ৷

মীন ৰাশি: আৰ্থিক লাভৰ সম্ভাৱনা ৷ কামত অগ্ৰগতি লাভ কৰিব আৰু উপকৃত হ’ব ৷ ঘৰুৱা পৰিবেশো শান্ত আৰু উত্‍সাহজনক হৈ থাকিব ৷ বন্ধুবৰ্গৰ লগত ফুৰিবলৈ যাওক ৷ অত্যধিক ব্যয়ৰ সম্ভাৱনা আছে ৷ ধৰ্মীয় কাৰ্য-কলাপ, ৰীতি নীতি আদিতো ব্যয় হ’ব পাৰে ৷ সতৰ্কতাৰে চলক ৷