Local, Vocal, Global

Daily Horoscope for 8th May : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: বন্ধুৰ পৰা উপহাৰ লাভ কৰিব পাৰে ৷ নতুন সম্বন্ধ আহিব পাৰে ৷ সন্তানৰ কামত মন দিয়ক তেওঁলোকে ভাল ফল দেখুৱাব ৷

বৃষ ৰাশি: চাকৰিয়াল সকলৰ কামৰ ক্ষেত্ৰত ভাল ফল দেখুওৱাৰ সময় ৷ নতুন ক্ষেত্ৰত কাম সহজ গতিত চলিব ৷ সহকৰ্মী আৰু বচৰ সহযোগিতা লাভ কৰিব ৷ আপোনাৰ পদোন্নতি হ’ব বা পুৰস্কাৰ লাভ কৰিব পাৰে ৷

মিথুন ৰাশি: এলাহতে বেছি সময় যাব আৰু আপোনাৰ কামত তাৰ প্ৰভাব পৰিব ৷ পেটৰ সমস্যা আৰু আৰু আন শাৰীৰিক অশুবিধাই বিপদত পেলাব ৷ যিকোনো সিদ্ধান্ত লওতে অলপ সাৱধান হওক ৷

কৰ্কট ৰাশি: আপোনাৰ খঙে আপোনাক বিপদজনক পৰিবেশলৈ লৈ যাব পাৰে ৷ দিনৰ শেষলৈ বজাৰলৈ যোৱাৰ আয়োজন বন্ধ কৰক ৷ অসামাজিক আৰু বে-আইনী কাম-কাজৰ পৰা দূৰত থাকক ৷

সিংহ ৰাশি: বিবাহিতসকলৰ ইজনৰ লগত সিজনৰ তৰ্ক-বিতৰ্ক হ’ব আৰু দুখী অনুভৱ কৰিব ৷ অদৰকাৰী কাজিয়াত লিপ্ত নহ’ব ৷ ব্যৱসায়ৰ ক্ষেত্ৰত আপোনাৰ সহযোগীৰ পৰা বিপদত পৰিব পাৰে ৷

কন্যা ৰাশি: ঘৰ আৰু কৰ্মক্ষেত্ৰত শান্তি পূৰ্ণ পৰিবেশে আপোনালৈ বাট চায় আছে ৷ আপোনাৰ সহকৰ্মী আৰু সংগীৰ সহযোগিতা লাভ কৰিব ৷ আগৰ পৰা ভোগ কৰি অহা অশুবিধাৰ পৰা ৰক্ষা পৰাৰ বাতৰি পাব ৷ বিবাহিত মহিলাসকলে মাকৰ ঘৰৰ ভাল বাৰ্তা লাভ কৰিব ৷

তুলা ৰাশি: এই দিনটোৱে আপোনাৰ ওপৰত মিশ্ৰ প্ৰভাৱ পেলাব ৷ ছাত্ৰ-ছাত্ৰীসকল অলপ বাধাৰ সন্মুখীন হ’ব ৷ দূৰ ভ্ৰমণত নোযোৱাটোৱেই ভাল আৰু অযথা তৰ্ক-বিতৰ্ক এৰাই চলক ৷

বৃশ্চিক ৰাশি: অত্যধিক কামৰ বোজা আজি আপোনাৰ মুল মন্ত্ৰ হ’ব ৷ শৰীৰে আপোনাক চিন্তাত পেলাব আৰু আপোনাৰ সম্বন্ধিয় সকলেও আপোনাক নিৰাস কৰিব ৷ ৷

ধনু ৰাশি: পৰিয়াল, বন্ধু আৰু সামাজিক কামত ব্যস্ততাৰে ভৰা দিন ৷ ভাগ্য ভাললৈ আহিব আৰু নতুন আৰম্ভনিৰ সময় ৷ ভাগ্য আপোনাৰ লগত আছে সেয়েহে সফলতাৰ দিশত আগবাঢ়িব ৷ পৰিয়ালৰ সদস্য আৰু ভাতৃ ভগ্নীৰ লগত ফুৰিবলৈ যাব পাৰে ৷ দৈবিক শক্তিৰ প্ৰভাব আপুনি অনুভৱ কৰিব পাৰিব ৷ সামাজিক জীৱনত নিজৰ প্ৰভাব বিস্তাৰ কৰিব পাৰিব ৷

মকৰ ৰাশি: আপুনি আপোনাৰ অবিবেচক কামৰ বাবে অস্বাভাৱিক পৰিবেশত পৰিব পাৰে ৷ মিঠা মাতে আপোনাৰ সমস্যা দুৰ কৰিব ৷ ধন জমা কৰি ভাল ফল লাভ কৰিব ৷

কুম্ভ ৰাশি: শুভ দিন ৷ মানসিক ,শাৰীৰিক আৰু ধৰ্মীয়ভাৱে নিজকে সজীৱ অনুভৱ কৰিব ৷ বন্ধু আৰু পৰিয়ালৰ লগত ফুৰিবলৈ যাব পাৰিব আৰু উপহাৰৰ আদান প্ৰদান কৰিব পাৰিব ৷

মীন ৰাশি: লোভ শৰীৰৰ বাবে ভাল নহয় ৷ সম্পতি আপোনাৰ হাতৰ পৰা পিচলি যাব ৷ আপোনাৰ ঘনিষ্ট জনৰ লগত মতৰ ভিন্নতা আহিব পাৰে ৷ আপুনিন ভবাকৈ ই আপোনাৰ ওপৰত প্ৰভাব পেলাব পাৰে ৷