Local, Vocal, Global

Daily Horoscope for 8th March : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে শুভ। নিজৰ বাবে পইচা জমা কৰাৰ দীৰ্ঘদিনীয়া সপোন আপোনাৰ পূৰণ হব । আপুনি চিনি পোৱা কোনোবাই আৰ্থিক সমস্যা লৈ ঘৰত অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। আজি আপুনি নিৰাশ হব পাৰে ,কাৰণ আপুনি ভৱা মতে আপোনাৰ প্ৰিয়জনৰ লগত ফুৰিব যোৱাৰ পৰিকল্পনাত যতি পৰিব পাৰে। জীৱন লগৰীৰ বেয়া হোৱা স্বাস্থ্য আপোনাৰ বাবে সমস্যাৰ কাৰণ হৈ উঠিব পাৰে।

বৃষ ৰাশি : আজি আপোনাৰ স্বাস্থ্য বেয়া হ’ব পাৰে। পৰিয়ালৰ কোনোবা সদস্যৰ বেমাৰৰ বাবে আপোনাৰ আৰ্থিক সমস্যা হব পাৰে। ভনীৰ বিয়াৰ খবৰ আপোনাৰ বাবে সুখৰ বতৰা লৈ আহিব। আপোনাৰ প্ৰিয়জনৰ পৰা অহা এক ফোনে আপোনাৰ গোটেই দিন ধুনীয়া কৰি দিব। কৰ্মক্ষেত্ৰত প্ৰেম কৰাৰ পৰা বিৰত থাকক নহলে আপোনাৰ বদনাম হব পাৰে। যদি আপুনি কাৰোবাৰ লগত জড়িত হব বিচাৰে তেন্তে অফিচৰ পৰা দূৰ হৈ তেওঁৰ লগত পাতিব পাৰে। আপোনাৰ কথা পতাৰ বা ভাৱ ব্যক্ত কৰাৰ শৈলী বহুত প্ৰশংসনীয় হব। আজি আপোনাৰ বৈবাহিক জীৱন প্ৰেম,সন্তুষ্টি আৰু আশাৰে ভৰপূৰ হব।

মিথুন ৰাশি : আজি আপুনি উৰ্জা আৰু শক্তিদি ভৰপূৰ হ’ব,আপুনি যি কাম সাধাৰণতে কৰোতে একদিন লাগে সেই কাম আজি আপুনি আজি আধা দিনতে সম্পুৰ্ণ কৰিব পাৰিব। আজি যদি আপুনি বন্ধুবৰ্গৰ লগত ফুৰিব গৈ আছে তেন্তে ভাৱি চিন্তি খৰচ কৰিব। ঘৰুৱা বিষয় আৰু আকৌ দীঘলীয়া সময়ৰ পৰা চলি থকা ঘৰৰ কামৰ পৰা আজি বহুত ভাল দিন বুলি পৰিগণিত হব। আপোনাৰ প্ৰেমত আপুনি সমৰ্থন নাপাবও পাৰে। সহকৰ্মী আৰু বৰিষ্ঠ জনৰ পৰা পোৱা সহযোগ আপোনাক উৎসাহিত কৰিব। অযথা জটিলতাৰ পৰা দূৰ হৈ আজি আপুনি মন্দিৰ , গুৰুদ্বাৰ অথবা যিকোনো ধাৰ্মিক স্থানত সময় অতিবাহিত কৰিব পাৰে। আত্মীয়ৰ বাবে জীৱন সংগীৰ লগত বাদ-বিবাদ হব পাৰে, কিন্তু অন্তত সকলো সমস্যাৰ সমাধান হৈ যাব।

কৰ্কট ৰাশি : ৰক্তচাপ থকা ৰোগীবোৰে অনুগ্ৰহ কৰি নিজৰ যত্ন লোৱা আৰম্ভ কৰক আৰু আপুনি ঔষধ গ্ৰহণ কৰাৰ আৱশ্যক আছে । আপুনি আজি ধন সঞ্চয়ত অসফল হব পাৰে অৱশ্যে ইয়াত ভয় খাবলগীয়া কোনো কাৰণ নাই কিয়নো আপোনাৰ অৱস্থা সোনকালে ভাললৈ আহিব। সমস্যা সমূহক মগজুৰ পৰা দলিয়াই পেলাই দিয়ক আৰু ঘৰৰ সদস্য আৰু বন্ধুৰ মাজত নিজৰ স্থিতি শুধৰাবৰ বাবে চিন্তা কৰক। আজি প্ৰিয়জনৰ লগত দূৰ হোৱাৰ দুখে আপোনাক আহত কৰি দিব। জীৱন সংগীৰ লগত এক আৰামদায়ক দিন অতিবাহিত কৰিব পাৰিব।

সিংহ ৰাশি : স্বাস্থ্যৰ লগত জড়িত সমস্যা আপোনাৰ বাবে অসুবিধাৰ সৃষ্টি কৰিব পাৰে। বন্ধুৰ সহায়ত বিত্তীয় কঠিনতা ভাল হৈ যাব। প্ৰয়োজনৰ সময়ত আপোনাৰ বন্ধুৰ সহযোগ লাভ কৰিব। যদি আজি আপুনি ডেটত গৈ আছে তেন্তে বিবাদিত বিষয় সমূহ আলোচনা কৰাৰ পৰা বিৰত থাকক। আজি আপুনি অতিৰিক্ত দায়িত্ব নিজৰ কান্ধত লব পাৰে ,যি আপোনাৰ বাবে বহুত বেছি আয়ৰ আৰু প্ৰতিষ্ঠাৰ কাৰণ হব। আপোনাৰ ওচৰত সময় পৰ্যাপ্ত পৰিমাণে থাকিব কিন্তু মনে বিচৰা কাম আপুনি কৰিব নোৱাৰিব। বেলেগ বেলেগ মতামত হোৱা বাবে আপোনাৰ আৰু আপোনাৰ জীৱন সংগীৰ মাজত বাদ-বিবাদ হব পাৰে।

কন্যা ৰাশি : খেলা-ধূলাই আপোনাক আকৰ্ষিত কৰিব আকৌ ধ্যান আৰু যোগ আপোনাক লাভান্বিত কৰিব। আজি আপোনাৰ তাত পৰ্যাপ্ত পৰিমাণৰ অৰ্থৰ লগতে মনত শান্তিও থাকিব। আপোনাৰ হাঁহি-খিকিন্দালি কৰা স্বভাৱে আপোনাৰ চাৰিওফালৰ পৰিৱেশ আনন্দ ভৰা কৰি তুলিব। আপুনি নিজৰ সংগীক সুখ দিয়াত সফল হব। যদি আপুনি অনুভৱ কৰে যে বেলেগৰ সহায় অবিহনে কিবা গুৰুত্বপূৰ্ণ কাম কৰিব পাৰে তেন্তে আপুনি বহুত ভুল ভাৱি আছে।

তুলা ৰাশি : বহুত বেছি চিন্তাই আপোনাক মানসিক ভাৱে কঙা কৰি তুলিব পাৰে।ইয়াৰ পৰা পৰিত্ৰাণ পোৱাটো জৰুৰী নহ’লে ই আপোনাক মানসিক ভাৱে আৰু শাৰীৰিক্ভাৱে পংগু কৰি দিব পাৰে। আপোনাৰ ভৰপুৰ উৰ্জা শক্তি আৰু উৎসাহে আপোনাৰ জীৱনত ধনাত্মক পৰিণাম আনিব আৰু ঘৰুৱা হতাশা দূৰ কৰিব। প্ৰেমৰ ছায়া আজি বাৰুকৈয়ে আপোনাক ছানি ধৰিব। ধন, প্ৰেম আৰু পৰিয়ালৰ পৰা দূৰ হৈ আজি আপুনি আনন্দৰ সন্ধানত কোনোবা আধ্যাত্মিক গুৰুৰ লগত দেখা কৰিব যাব পাৰে।

বৃশ্চিক ৰাশি : ডিঙি,ককাঁলত অনবৰতে বিষ হৈ থাকিব পাৰে আৰু ইয়াৰ ফলত আপুনি সমস্যা পাই থাকিব পাৰে।ইয়াক আপুনি অৱহেলা নকৰিব ,বিশেষ কৈ যেতিয়া আপুনি দুৰ্বলো অনুভৱ কৰিব। আজিৰ দিনা বিশ্ৰাম কৰাটো বহুত জৰুৰী। নতুন বস্তু সমূহত ধ্যান মনোযোগ দিয়ক আৰু আপোনাৰ সকলোতকৈ ভাল বন্ধুৰ সহায় লওক। সুখী আৰু আনন্দিত থাকক আৰু প্ৰেমৰ বাটত অহা প্ৰত্যেক বাধাৰ সন্মূখীন হোৱাৰ বাবে তৈয়াৰ থাকক। কামত মনোযোগ দিয়ক আৰু ভাবুক হোৱাৰ পৰা বাচক। সামাজিক আৰু ধাৰ্মিক অনুষ্ঠানৰ বাবে আজি এক বহুত শুভ দিন।

ধনু ৰাশি : আজি আপোনাৰ স্বাস্থ্য আজি ভালে থাকিব। আজি আপুনি ভূলতো পইচা ধাৰলৈ নিদিব আৰু যদি দিয়াটো নিত্যান্তই জৰুৰী তেন্তে দিয়া জনৰ পৰা লিখিত ভাৱে লিখি ৰাখিব। সন্ধিয়া সময়ত বন্ধুৰ লগত অতিবাহিত কৰা সময় ৰোমাঞ্চকৰ হব আৰু লগতে অৱসৰৰ সময় একেলগে কটোৱাৰ পৰিকল্পনাৰ যোজনাও কৰাতো চিন্তা চৰ্চা হব। অতীতৰ মিঠা স্মৃতিয়ে আপোনাৰ আজি দিনটো ব্যস্ত ৰাখিব। আজিৰ দিনাখন অফিচত পৰিৱেশ বহুত ভাল হৈ থাকিব। কিছুমান ব্যক্তিৰ বাবে আকস্মিক যাত্ৰা ভাগৰুৱা আৰু হতাশাজনক হব পাৰে। পাৰিবাৰিক বিবাদৰ বাবে আজি আপোনাৰ বৈবাহিক জীৱন বহুত প্ৰভাৱিত হব পাৰে।

মকৰ ৰাশি : বাহিৰত ঘুৰা ফুৰা , ফুৰ্তি আৰু পাৰ্টী কৰি থাকিলে আপোনাৰ মন ভালে থাকিব। সোনকালে কোনো ধৰণৰ নিৰ্ণয় নলয় যেন ,বিশেষকৈ অতি গুৰুত্বপূৰ্ণ আৰ্থিক বিষয়ত নিৰ্ণয় লোৱাৰ সময়ত। আজি আপুনি নতুনকৈ প্ৰেমৰ অনুভূতি অনুভৱ কৰিব। যদি আপুনি নিজৰ চিন্তা ধাৰা ওচৰে পাজৰে থকা লোক সকলক জনাই যিবোৰ ব্যক্তিয়ে গুৰুত্বপূৰ্ণ নিৰ্ণয় লয় তেন্তে আপোনাৰ লাভ হব ,লগতে আপোনাৰ কামৰ প্ৰতি সমৰ্পণ আৰু একাগ্ৰতাৰ বাবে প্ৰশংসা প্ৰাপ্ত কৰা সম্ভাৱনা আছে।

কুম্ভ ৰাশি : সৰু সৰু বস্তুসমূহক নিজৰ বাবে সমস্যাৰ সৃষ্টি কৰিব নিদিব। অৰ্থ্নৈতিক দিশত শক্তিশালী হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে। যদি আপুনি কাৰোবাক পইচা ধাৰলৈ দিছিলে তেন্তে সেই পইচা ঘুৰাই পোৱাৰ সম্ভাৱনা আছে। আজি আপুনি বহুত আনন্দিত হব আৰু আপোনাৰ বন্ধু তথা পৰিয়ালৰ সদস্যৰ ওপৰত পইচা খৰচ কৰাৰ আনন্দ লব পাৰে। অফিচত আপোনাৰ সন্মুখত নতুন সমস্যা আহিব। ব্যৱসায়িক কাৰণ জনিত যাত্ৰাই আপোনাক লাভজনক ফলাফল দিব পাৰে।

মীন ৰাশি : যিসকল লোকে ক্ষুদ্ৰ উদ্যোগ পৰিচালনা কৰে তেখেতসকলক আজি কোনোবা ঘনিষ্ঠৰ পৰা পোৱা উপদেশ মতে আৰ্থিক লাভ হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে। ঘৰত বহুত দিনৰ পৰা পেলাই থোৱা কাম আজি অলপ সময় লৈ সম্পুৰ্ণ কৰিব পাৰিব। চাকৰি সলনি কৰাটো লাভদায়ক বুলি পৰিগণিত হব। ঘৰত পোৱা পুৰণি বস্তু এটা চাই আপুনি সুখী হব আৰু গোটেই দিন সেই বস্তুটো চাফা কৰাত অতিবাহিত কৰিব পাৰে।